কোকৰাঝাৰ, 27 ডিচেম্বৰ : সাৰ্বভৌম কমতাপুৰ ৰাষ্ট্ৰৰ দাবীত সশস্ত্ৰ সংগ্ৰাম কৰা কে এল অ' বিদ্ৰোহী গোটে বৃহস্পতিবাৰে সংগঠনটোৰ হকে আত্মবলিদান দি শ্বহীদ হোৱা বীৰসকলক ৰোমন্থন কৰি ২৬ সংখ্যক শ্বহীদ দিৱস উদযাপন কৰে ৷ চৰকাৰৰ সৈতে শান্তি আলোচনাৰে সমাজৰ ঘাই সুঁতিত উভতি অহা প্ৰাক্তন কে এল অ' গোটৰ উমৈহতীয়া মঞ্চ 'প্ৰাক্তন কেএলঅ' সমন্বয়ৰক্ষী মৰ্চাই' পুৱাৰ ভাগত বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰৰ চন্দ্ৰপাৰাস্থিত বিজুলীবাৰীত পোন প্ৰথমবাৰৰ বাবে এই দিৱস উদযাপন কৰে ৷ এই উপলক্ষে বৃহস্পতিবাৰে পুৱা চন্দ্ৰপাৰাত সশস্ত্ৰ সংগঠনটোৰ পতাকা আৰু শ্বহীদ বেদীত বন্তি প্ৰজ্বলন আৰু মালা অৰ্পণ কৰা হয় ৷ এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে প্ৰাক্তন কে এল অ' সমন্বয়ৰক্ষী মৰ্চাৰ কেন্দ্ৰীয় সভাপতি আৰু সম্পাদক ক্ৰমে খগেন চন্দ্ৰ ৰায় আৰু হৰেশ্বৰ বৰ্মনে ৷
এই অনুষ্ঠানতে সশস্ত্ৰ সংগ্ৰামত আত্মবলিদান দিয়া শ্বহীদ বীৰসকলৰ ত্যাগক সোঁৱৰণ কৰি শেহতীয়াকৈ অসম চৰকাৰে অবিভক্ত গোৱালপাৰা জিলাক সামৰি গঠন কৰিবলগা কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ ঘোষণাক সকলোৱে আদৰনি জনায় ৷ ইয়াৰোপৰি,অবিভক্ত গোৱালপাৰা জিলাৰ তাহানিৰ অন্যতম কোকৰাঝাৰ আৰু চিৰাং জিলা দুখন বিটিএডিত অন্তৰ্ভুক্ত হোৱাৰ পৰা বাদ পৰা আৰু প্ৰাক্তন কে এল ওই উক্ত দুই জিলাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লোককো স্বায়ত্ত শাসিত পৰিষদত সম মৰ্যদা প্ৰদানৰ দাবী তোলে ৷ প্ৰাক্তন কে এল অ'ৰ নেতাদ্বয়ে প্ৰস্তাৱিত কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ গঠনৰ প্ৰক্ৰিয়াত প্ৰাক্তন কে এল অ'ৰ নেতা সদস্যসকলকো সামৰি ল'বলৈ অচিৰে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত বহাৰ ইচ্ছা প্ৰকাশ কৰে ৷