অসম

assam

ETV Bharat / state

Protest in Kokrajhar: সুকীয়া সূত্ৰধৰ উন্নয়ন পৰিষদ গঠনৰ দাবীত উত্তাল কোকৰাঝাৰ

কোকৰাঝাৰত সূত্ৰধৰ যুৱ ছাত্ৰ সন্থা আৰু যুৱ সন্মিলনীৰ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ (Sutradhar yuva Sammilani Protest in Kokrajhar) ৷ সুকীয়া সূত্ৰধৰ উন্নয়ন পৰিষদ গঠনৰ দাবীত উত্তাল কোকৰাঝাৰ ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বেই সুকীয়া সূত্ৰধৰ উন্নয়ন পৰিষদ গঠনৰ ক্ষেত্ৰতো চৰকাৰক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী ৷ অন্যথা লোকসভা নিৰ্বাচনত সূত্ৰধৰ ৰাইজে উচিত প্ৰত্যুত্তৰ দিয়াৰ সকীয়নি ৷

All BTR Sutradhar Youth Students Union
সদৌ বিটিআৰ সূত্ৰধৰ যুৱ ছাত্ৰ সন্থা

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 8:22 PM IST

সদৌ বিটিআৰ সূত্ৰধৰ যুৱ ছাত্ৰ সন্থা

কোকৰাঝাৰ, ১৫ ডিচেম্বৰ : সূত্ৰধৰ জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত সুকীয়াকৈ সূত্ৰধৰ উন্নয়ন পৰিষদ গঠনকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত সূত্ৰধৰ যুৱ ছাত্ৰ সন্থাই শুকুৰবাৰে কোকৰাঝাৰত এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ সদৌ বিটিআৰ সূত্ৰধৰ যুৱ ছাত্ৰ সন্থা আৰু যুৱ সন্মিলনীৰ যৌথ উদ্যোগত কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত দিনৰ এক বজাৰ পৰা ৰূপায়ণ কৰা হয় এই ধৰ্ণা কাৰ্যসূচী ৷

উক্ত প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম সূত্ৰধৰ যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি টুপেন সূত্ৰধৰসহ ছাত্ৰ সংগঠনটোৰ কেইবাগৰাকী নেতা আৰু শতাধিক সদস্যই অংশগ্ৰহণ কৰি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ তদুপৰি হাতে হাতে প্লেকাৰ্ড লৈ ধৰ্ণা কাৰ্যসূচীত অৱস্থান লোৱা সূত্ৰধৰ যুৱ ছাত্ৰ সন্থা আৰু সন্মিলনীৰ নেতা-কৰ্মী সকলে অসম আৰু বিটিআৰ চৰকাৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷

উল্লেখ্য যে ধৰ্ণা কাৰ্যসূচীৰে সুকীয়া সূত্ৰধৰ উন্নয়ন পৰিষদ গঠন কৰা, সুত্ৰধৰ লোকসকলৰ ভূমিৰ সমস্যা দূৰ কৰি ভূমিৰ পট্টা প্ৰদান, ৰাজ্যত থকা স্বায়ত্তশাসিত পৰিষদ সমূহত সূত্ৰধৰ সকলৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা, সূত্ৰধৰ সকলৰ জাতিৰ প্ৰমাণ পত্ৰ সমস্যা সমাধান কৰা, বিটিআৰত সূত্ৰধৰ জনগোষ্ঠীৰ বাবে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সংৰক্ষণৰ ব্যৱস্থা, সূত্ৰধৰ জনগোষ্ঠীৰ পিতৃস্বৰূপ তাৰা প্ৰসাদ সূত্ৰধৰৰ নামেৰে প্ৰত্যেকখন জিলাত ভূমি আৱণ্টন দিয়াৰ লগতে ভৱন নিৰ্মাণৰ ব্যৱস্থা কৰা আদি দাবী জনাই ছাত্ৰ সংগঠনটোৱে ৷

ইপিনে, ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰা সদৌ অসম সূত্ৰধৰ যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি টুপেন সূত্ৰধৰে বাৰম্বাৰ আবেদন-নিবেদন জনোৱাৰ পিছতো সূত্ৰধৰ লোক সকলৰ সমস্যা সামাধান কৰাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব প্ৰদান নকাৰত ক্ষোভ প্ৰকাশ কৰে ৷ আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বেই সুকীয়া সূত্ৰধৰ উন্নয়ন পৰিষদ গঠনৰ ক্ষেত্ৰতো চৰকাৰক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় সভাপতিগৰাকীয়ে ৷ ইয়াৰ অন্যথা লোকসভা নিৰ্বাচনত সূত্ৰধৰ ৰাইজে উচিত প্ৰত্যুত্তৰ দিব বুলিও সকীয়াই দিয়ে ৷

আনহাতে, ধৰ্ণা কাৰ্যসূচীৰ অন্তত সূত্ৰধৰ যুৱ ছাত্ৰ সন্থা আৰু যুৱ সন্মিলনীৰ নেতৃবৰ্গই ১০ দফীয়া দাবী সম্বলিত এক স্মাৰকপত্ৰ জিলা অতিৰিক্ত আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে সুত্ৰধৰ যুৱ ছাত্ৰ সন্থাৰ আজিৰ ধৰ্ণা কাৰ্যসূচীত বিটিচি যুৱ ছাত্ৰ সন্থাৰ সভাপতি দীনেশ সূত্ৰধৰ,কাৰ্যকৰী সভাপতি প্ৰাণ সূত্ৰধৰ, যুটীয়া সম্পাদক দ্বয় ক্ৰমে ৰমেন সূত্ৰধৰ আৰু হেমেন সূত্ৰধৰ, সন্থাৰ জিলা সভাপতি তৰণী কান্ত সূত্ৰধৰ, জিলা সুত্ৰধৰ সন্মিলনীৰ সভাপতি অশোক সূত্ৰধৰ উপস্থিত থাকে ।

লগতে পঢ়ক:ফাইলতে আৱদ্ধ ক্ষুদ্ৰ চাহ ফেক্টৰী স্থাপনৰ চৰকাৰী প্ৰস্তাৱ

ABOUT THE AUTHOR

...view details