অসম

assam

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 12:07 PM IST

Updated : Dec 10, 2023, 1:09 PM IST

ETV Bharat / state

গেলামালৰ দোকানলৈ গ্ৰেণেড নিক্ষেপ দুষ্কৃতিকাৰীৰ, CCTV কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

কোকৰাঝাৰ জিলাৰ দোতমাৰ এখন গেলামাল দোকানত গ্ৰেণেড সদৃশ বোমা নিক্ষেপ । সৌভাগ্যক্ৰমে বিস্ফোৰণ নহ’ল দোকানখনত ৷ বোমা নিক্ষেপৰ ঘটনাক লৈ দোতমা বজাৰ এলেকাত বিৰাজ কৰিছে আতংকময় পৰিৱেশে ৷ আৰম্ভ হৈছে আৰক্ষীৰ তদন্ত ৷ CCTV ৰ ফুটেজত ধৰা পৰিছে বোমা নিক্ষেপৰ দৃশ্যাংশ (Live grenade found in Kokrajhar)৷

Live grenade found near shop in Kokrajhar
গ্ৰেণেড সদৃশ বোমা নিক্ষেপ

গেলামালৰ দোকানলৈ গ্ৰেণেড নিক্ষেপ দুষ্কৃতিকাৰীৰ

কোকৰাঝাৰ, ১০ ডিচেম্বৰ : শিৱসাগৰৰ জয়সাগৰত এক ৰহস্যজনক বিস্ফোৰণৰ শব্দক লৈ সৃষ্টি হোৱা কৌতুহলৰ মাজতেই কোকৰাঝাৰ জিলাৰ দোতমাত সংঘটিত হৈছে গ্ৰেনেড সদৃশ হাতেসজা বোমা নিক্ষেপ কৰাৰ ঘটনা ৷ শনিবাৰে নিশা দোতমাৰ তিনালীত থকা গেলামালৰ দোকান এখনলৈ লক্ষ্য কৰি কোনো দুষ্কৃতিকাৰীয়ে গ্ৰেনেড সদৃশ হাতেসজা বোমাটো নিক্ষেপ কৰে ৷ সৌভাগ্যক্ৰমে বিস্ফোৰণ নহ’ল বোমাটো ৷ এই বোমা নিক্ষেপৰ ঘটনাক লৈ দোতমা বজাৰত আতংকময় পৰিৱেশে বিৰাজ কৰে ৷

বিৱৰণি অনুসৰি, শনিবাৰে নিশা প্ৰায় ৮ বজাত বাইকত অহা দুজন দুষ্কৃতিকাৰীয়ে দোতমাৰ তিনালীত থকা সমেন সৰকাৰৰ গেলামাল দোকানলৈ লক্ষ্য কৰি গ্ৰেনেড সদৃশ এটা বোমা নিক্ষেপ কৰে ৷ এই গ্ৰেনেডটো হাতেসজা বোমাটো বুলি জানিব পৰা গৈছে ৷ দুষ্কৃতিকাৰীয়ে নিক্ষেপ কৰা বোমাটো গেলামাল দোকানখনৰ সন্মুখত পৰে যদিও বিস্ফোৰণ নহ’ল ৷ সভাগ্যক্ৰমে সেইসময়ত দোকানখনৰ ভিতৰত থকা সকলো লোক ৰক্ষা পৰে ৷

আনহাতে, ঘটনাৰ খবৰ পোৱাৰ পিচতে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নৱনীতা শৰ্মা আৰু অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পৃথ্বীৰাজ ৰাজখোৱা ঘটনাস্থলীত উপস্থিত হয় । আৰক্ষীৰ দলে লগে লগে বোমাটো উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ যায় ৷

কোকৰাঝাৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পৃথ্বীৰাজ ৰাজখোৱাই সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে, আৰক্ষীৰ প্ৰাথমিক তদন্তত উদ্ধাৰ হোৱা বোমাটো নকল গ্ৰেনেড বুলি জানিব পৰা গৈছে ৷ তৎস্বত্বেও বোম বিশেষজ্ঞ দলক মতা হৈছে আৰু তেওঁলোকে উদ্ধাৰ হোৱা নকল গ্ৰেনেডটো ভালদৰে পৰীক্ষা কৰিব ৷

ঘটনাকলৈ আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ৷ দোকানখনলৈ নকল গ্ৰেনেড নিক্ষেপ কৰা দুষ্কৃতিকাৰীৰ কিছু তথ্য CCTV ৰ কেমেৰাৰ ফুটেজত ধৰা পৰিছে ৷ আচিৰেই তেওঁলোকক আটক কৰা হ’ব বুলি কয় অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

লগতে পঢ়ক :জয়সাগৰৰ চি আৰ পি এফ শিবিৰৰ কাষত ৰহস্যজনক বিস্ফোৰণৰ শব্দ, আতংক

Last Updated : Dec 10, 2023, 1:09 PM IST

ABOUT THE AUTHOR

...view details