কোকৰাঝাৰ, 30 অক্টোবৰ : কোকৰাঝাৰ জিলাৰ অন্তৰ্গত বনৰগাঁৱত দ্বিতীয় কমলেশ্বৰ বসুমতাৰী আৰু চাৰুবালা বসুমতাৰী ফুটবল টুৰ্নামেন্টৰ শুকুৰবাৰে চূড়ান্ত খেল অনুষ্ঠিত হৈ যায় । গেন্দ্ৰাবিল জ'টাই ক্লাৱ আৰু বনৰগাঁও জাইক্লং স্পৰ্টছ ক্লাৱৰ মাজত মুখামুখি হোৱা চূড়ান্ত খেলত 5-0 গ'লৰ ব্যৱধানত জাইক্লং এথলেটিকচ স্পৰ্টছ ক্লাৱে বিজয় সাব্যস্ত কৰে ।
বনৰগাঁও খেলপথাৰত অনুষ্ঠিত চূড়ান্ত খেলত বিজয়ী হোৱা জাইক্লং ক্লাৱে নগদ 30 হেজাৰ সহ ট্ৰফী আৰু জ'টাই ক্লাৱে 20 হেজাৰ সহ ট্ৰফী বঁটা বুটলিবলৈ সক্ষম হয় । একেদৰে, শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হৈ জাইক্লং ক্লাৱৰ অৰ্জুন মাৰাণ্ডীয়ে নগদ এহেজাৰ টকা সহ ট্ৰফী বঁটা আঁজুৰিবলৈ সক্ষম হয় ।