কোকৰাঝাৰ, 8 জুলাই : হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলক লৈ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে দাখিল কৰা প্ৰতিবেদনৰ ৪ আৰু ৫ নং দফা বিৰোধিতাৰে বুধবাৰে কোকৰাঝাৰ সদৰ চহৰত কেবাটাও ছাত্ৰ সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে হাতে হাতে বিভিন্ন প্লে-কাৰ্ড লৈ বিক্ষোভ প্ৰদৰ্শন কৰে । কোকৰাঝাৰ চহৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ কাষত ক'ভিড প্ৰট'কল মানি সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদ আৰু আন কেইবাটাও ছাত্ৰ সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷
চৰকাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফলাফলৰ প্ৰতিবেদনক লৈ ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থা, বড়ো ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল-সংগঠনে এই প্ৰতিবেদনৰ বিৰুদ্ধে গৰজি উঠিছে ৷ প্ৰতিবেদনখন বাতিল কৰাৰ লগতে পুনৰ বিবেচনা কৰাৰ দাবীত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলেও চৰকাৰক আহ্বান জনাইছে যদিও এতিয়ালৈ কোনো ধৰণৰ সঁহাৰি পোৱা নাই শিক্ষাৰ্থীসকলে ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি প্ৰতিবেদনখনৰ ৪ আৰু ৫ নম্বৰ দফাৰ বিৰোধিতা কৰি অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ কোকৰাঝাৰতো চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কাৰ্য়সূচী ৰূপায়ণ কৰে ।