কোকৰাঝাৰ কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত নামভৰ্তি মাচুল বৃদ্ধিক লৈ প্ৰতিক্ৰিয়া - কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান
কোকৰাঝাৰৰ কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত নামভৰ্তি মাচুল বৃদ্ধিক লৈ ছাত্ৰ সংগঠনৰ প্ৰতিক্ৰিয়া । কোকৰাঝাৰ বালাগাঁৱত অৱস্থিত কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (চি আই টি) ৰ নামভৰ্তিৰ মাচুল বৃদ্ধিক লৈ উদ্বিগ্ন বিটিএডিৰ বিভিন্ন ছাত্ৰ সংগঠন । কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ সঞ্চালক আৰু ৰেজিষ্টাৰে নিজৰ খেয়ালখুচিৰে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিকৰণ মাচুল অত্যধিক কৰাৰ অভিযোগ ছাত্ৰ সংগঠনৰ ।
কোকৰাঝাৰ,4জুলাইঃ কোকৰাঝাৰৰ বালাগাঁৱত থকা অসমৰ একমাত্ৰ কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত এই বৰ্ষত ডিপ্ল'মা পাঠ্যক্ৰমত আন বছৰৰ নামভৰ্তিৰ মাচুলৰ তুলনাত আকাশ পাতাল পাৰ্থক্য । 2019-2020 বৰ্ষৰ ডিপ্ল'মা পাঠ্যক্ৰমৰ মাচুল 12,000 টকাৰ পৰা হ'লগৈ 48,000 টকা । এখন চৰকাৰী শিক্ষা প্ৰতিষ্ঠানত হয়তো এইয়া নজিৰবিহীন ঘটনা । যাৰ পাচতে নামভৰ্তি মাচুলৰ ক্ষেত্ৰত বিভিন্ন ছাত্ৰসংগঠন যেনে নিখিল বড়ো ছাত্ৰ সন্থা, সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থায়ে প্ৰতিবাদ জনায় আহিছে । ইপিনে এবছুৰ শিক্ষা সম্পাদক কাষ্টম বসুমতাৰীয়ে উল্লেখ কৰে যে চিএইটিৰ সঞ্চালক আৰু কৰ্মকৰ্তাই নীতি নিয়ম নমনাকৈ নিজৰ স্বইচ্ছাৰে এনেকৈ ধন সংগ্ৰহত নামিছে । যাৰবাবে প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈও বহু খিলঞ্জীয়া ছাত্ৰ-ছাত্ৰী টকাৰ অভাৱত নাম ভৰ্তিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে ।