কোকৰাঝাৰ, ৩ নৱেম্বৰ: বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সদ্য ঘোষিত তৃতীয় ষান্মাসিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিসংগতিকলৈ উত্তাল হৈ পৰিছে বড়োলেণ্ড বিশ্ববিদ্যালয় । তৃতীয় ষান্মাসিকৰ পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্ট ছাত্ৰ ছাত্ৰীসকলে বৃহস্পতিবাৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ত চৌহদত ব্যাপক ধৰ্ণা-প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি বিশ্ববিদ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে (Students protest against Bodoland University) ।
উল্লেখযোগ্য যে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সদ্য ঘোষিত তৃতীয় ষান্মাসিকৰ চূড়ান্ত পৰীক্ষাত এইবেলি ১২ হাজাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল ৷ এই 12 হাজাৰ পৰীক্ষাৰ্থীৰ ভিতৰত কেৱল মাত্ৰ ৩ হাজাৰ পৰীক্ষাৰ্থীহে চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ সক্ষম হয় ৷ ইয়াৰ পিছতে এই ফলাফলক লৈ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনৰ কলেজসমূহত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷
ইয়াৰ পিছতেই বিটিআৰ এলেকাৰ বহুসংখ্যক কলেজৰ ভুক্তভোগী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ ফলাফল ঘোষণাত ব্যাপক বিসংগতি হোৱাৰ অভিযোগ উত্থাপন কৰি বৃহস্পতিবাৰে হাতে হাতে বেনাৰ ফেষ্টুন লৈ প্ৰতিবাদত নামি পৰে (Students protest in Bodoland University) ৷ এই প্ৰতিবাদৰ জৰিয়তে ভুক্তভোগী ছাত্ৰ-ছাত্ৰীসকলক ন্যায় দিবলৈ বড়োলেণ্ড বিশ্ববিদ্যালয় কৰ্তৃপক্ষক প্ৰতি আহ্বান জনাই বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু নিয়ন্ত্ৰকক বৰ্খাস্তৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷
ছাত্ৰ-ছাত্ৰীৰ বিক্ষোভত উত্তাল হৈ পৰা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ চৌহদত পৰৱৰ্তী পৰ্যায়ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীক মোতায়েন কৰা হয় ৷ আনহাতে, বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে শীঘ্ৰে সমস্যাটো সমাধান কৰা হ’ব আৰু পদ্ধতি সলনি কৰি উত্তীৰ্ণৰ হাৰ বঢ়োৱা হ'ব বুলি মন্তব্য কৰে ।