অসম

assam

By

Published : Apr 30, 2019, 8:48 PM IST

ETV Bharat / state

গোসাইগাঁৱত মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰী

গোসাইগাঁৱত ধোঁৱাচাঙত মধ্যাহ্ন ভোজন আচঁনি। মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত ছাত্ৰ ছাত্ৰী ৷ চৰকাৰী নিৰ্দেশনা অমান্য প্ৰধান শিক্ষকৰ ।

গোসাইগাঁৱত মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত ছাত্ৰ ছাত্ৰী

গোসাইগাঁৱ, 30 এপ্ৰিলঃ ধোঁৱাচাঙত মধ্যাহ্ন ভোজন আচঁনি। কেইবাদিন ধৰি মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হৈ আছে ছাত্ৰ-ছাত্ৰী সকলক। প্ৰতি মাহে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ নামত আবন্টন দিয়া চাউল যোগান ধৰা হয় যদিও মধ্যাহ্ন ভোজন যোগান ধৰা নহয় বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীক । নিৰ্দেশনা মতে শনিবাৰেও মধ্যাহ্ন ভোজন যোগান ধৰিব লাগে যদিও বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৰাকীয়ে চৰকাৰী নিৰ্দেশক অমান্য কৰি নিজৰ ৰুটিন মতে শনিবাৰে বন্ধ ৰাখে মধ্যাহ্ন ভোজন ।

গোসাইগাঁৱত মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত ছাত্ৰ ছাত্ৰী

লগতে পঢ়ক: জাইকা প্ৰকল্পত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল

এই ঘটনা গোসাইগাঁও শিক্ষা খণ্ডৰ অন্তৰ্গত 1 নম্বৰ ভোমৰাবিল প্ৰাথমিক বিদ্যালয়ৰ । বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱক সকলে তদন্ত মৰ্মে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনাইছে সংশ্লিষ্ট কৰ্তৃপক্ষক ।

ABOUT THE AUTHOR

...view details