অসম

assam

ETV Bharat / state

STUDENT DROWNED: ফুটবল খেলিবলৈ অহা ছাত্ৰৰ সলিল সমাধি

কোকৰাঝাৰত অঘটন ৷ চৈধ্য বছৰৰ অনুৰ্ধ্বৰ সুব্ৰত কাপ ফুটবল টুৰ্ণামেন্টত অংশগ্ৰহণ কৰিবলৈ আহি গুৱাহাটীৰ আমেৰিগোগ চিআৰপিএফ কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ ডেভিড টেৰণৰ সলিল সমাধি ৷

STUDENT DROWNED in Kokrajhar
ফুটবল খেলিবলৈ আহি ছাত্ৰৰ সলিল সমাধি

By

Published : Jul 15, 2023, 10:51 PM IST

কোকৰাঝাৰ, ১৫ জুলাই : কোকৰাঝাৰৰ কেন্দ্ৰীয় বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হৈ থকা কেভি গুৱাহাটী আঞ্চলিক চৈধ্য বছৰ অনুৰ্ধ্ব সুব্ৰত কাপ ফুটবল টুৰ্ণামেন্ট ২০২৩ খেলিবলৈ আহি শনিবাৰে দুৰ্ভাগ্যজনকভাৱে এগৰাকী ছাত্ৰৰ সলিল সমাধি ঘটে। টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিবলৈ আহি দুৰ্ভাগ্যজনকভাৱে সলিল সমাধি ঘটা ছাত্ৰজনক গুৱাহাটীৰ আমেৰিগোগ চিআৰপিএফ কেভিৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ডেভিড টেৰণ (১৪) বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত বাতৰি অনুসৰি আজি দুপৰীয়া সুব্ৰত কাপ ফুটবল টুৰ্ণামেন্টৰ খেল চলি থকা সময়তে ডেভিড টেৰণে লগৰ তিনি সতীৰ্থৰ সতে কোকৰাঝাৰ কেভিৰ নিলগৰ দ-খাৱৈত এটাত গা ধুবলৈ যায়। সমনীয়াৰ সতে গা ধুই থাকোঁতে ডেডিড টেৰণ খাৱৈৰ গভীৰ পানীত ডুব যায় ৷ কেভিৰ শিক্ষকে অভিযোগ কৰা অনুসৰি ছাত্ৰগৰাকী পানীত ডুব যোৱাত সতীৰ্থই খাৱৈৰ দাঁতি কাষৰীয়া লোকৰ সহায় বিচাৰিছিল যদিও তেওঁলোকে সহায় নকৰিলে । তাৰপিচতে তিনি সতীৰ্থই দৌৰি দৌৰি আহি বিদ্যালয় কৰ্তৃপক্ষক খবৰ দিয়াত কোকৰাঝাৰ কেভিৰ শিক্ষকৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ খাৱৈৰ গভীৰ পানীৰ পৰা ডেভিড টেৰণক উদ্ধাৰ কৰি কোকৰাঝাৰ আৰ এন বি হাস্পতাললৈ যায় যদিও চিকিৎসকে ডেভিড টেৰণক মৃত বুলি ঘোষণা কৰে ৷

তদুপৰি খাৱৈৰ পাৰৰ পৰা ছাত্ৰগৰাকীৰ পোছাক আৰু চেণ্ডেল উদ্ধাৰ কৰা হৈছে ৷ কৰুণ মৃত্যুক সাৱটি লোৱা ছাত্ৰ গৰাকীৰ মৃতদেহ সম্প্ৰতি কোকৰাঝাৰ আৰএনবি হাস্পতালত মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰখা হৈছে।

ইপিনে ঘটনাৰ খবৰ পোৱা মাত্ৰ গুবাহাটীৰ ছয়মাইলৰ নিৱাসী ডেভিড টেৰণৰ পিতৃ-মাতৃ কোকৰাঝাৰলৈ ৰাওনা হৈছে । কেন্দ্ৰীয় বিদ্যালয়ত কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকা সত্ত্বেও কোন টলকত ছাত্ৰ কেইগৰাকীয়ে বিদ্যালয় চৌহদৰ পৰা গা ধুবলৈ ওলাই গৈছিল সেয়া অদ্যপি পৰিষ্কাৰ হোৱা নাই যদিও কিশোৰগৰাকীৰ অকালতে কৰুণ মৃত্যুক সাৱটি লোৱা ঘটনাই চৌদিশে শোকৰ ছাঁ পেলাইছে ৷

লগতে পঢ়ক:Leopard caged: 15 দিন ধৰি ত্ৰাসৰ সৃষ্টি কৰা নাহৰফুটুকী পিঞ্জৰাবদ্ধ

ABOUT THE AUTHOR

...view details