অসম

assam

ETV Bharat / state

Student drowned news : গৌৰাং নদীত ছাত্ৰৰ সলিল সমাধি; নাক-কাণে তেজৰ কঁৰাল - নদীত গা ধুবলৈ গৈ ছাত্ৰৰ সলিল সমাধি

কোকৰাঝাৰৰ গৌৰাং নদীত ছাত্ৰৰ সলিল সমাধি ৷ পৰিয়ালৰ দাবী, এয়া এক হত্যাকাণ্ডহে ৷ ইতিমধ্যে মৃত ছাত্ৰজনৰ ৭ জন সতীৰ্থক আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে ৷

Student drown to death Gourang river in Kokrajhar district
গৌৰাং নদীত সলিল সমাধি ঘটে সানশ্ৰাং নাৰ্জাৰীৰ

By

Published : Aug 7, 2023, 7:50 AM IST

কোকৰাঝাৰ, ৭ আগষ্ট :কোকৰাঝাৰ জিলাৰ বালাগাঁওস্থিত চেইণ্ট এননচ কলেজৰ (St. Anns College) উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ তথা চিৰাং জিলাৰ কয়লাময়লাৰ হাতিমাৰা নিৱাসী সানশ্ৰাং নাৰ্জাৰীৰ শনিবাৰে গৌৰাং নদীত সলিল সমাধি ঘটে । চেইণ্ট এননচ কলেজৰ কাষতে থকা হোষ্টেলত থাকি অধ্যায়ন কৰা অমায়িক সানশ্ৰাং নাৰ্জাৰীৰ মৃতদেহ নিকটৱৰ্তী গৌৰাং নদীত উদ্ধাৰ কৰা হয় ।

গৌৰাং নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটা বুলি মৃত সানশ্ৰাঙৰ সতীৰ্থই প্ৰকাশ কৰিছে যদিও সানশ্ৰাং নাৰ্জাৰীৰ মৃত্যু প্ৰকৃততে এক হত্যাকাণ্ড বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে । প্ৰাপ্ত বাতৰি মতে, শনিবাৰে বিয়লি সানশ্ৰাং নাৰ্জাৰীৰ লগতে ৭ গৰাকী সতীৰ্থই বালিগাঁও গৌৰাং নদীত গা ধুবলৈ গৈছিল । কিন্তু ৭ জন সতীৰ্থ উভতি আহে যদিও সানশ্ৰাং উভতি নাহিল ।

হোষ্টেললৈ উভতি আহি সতীৰ্থসকলে প্ৰথমে কথাটো গোপনে ৰাখিবলৈ চেষ্টা কৰে যদিও পিচত সকলো কথা ওলাই পৰে আৰু নিশা প্ৰায় ১১ বজাত হোষ্টেল কৰ্তৃপক্ষই পৰিয়ালৰ লোকক ঘটনাৰ বিষয়ে অৱগত কৰে । তাৰ পাচতে দেওবাৰে পুৱা স্থানীয় ৰাইজে সানশ্ৰাং নাৰ্জাৰীৰ মৃতদেহটো গৌৰাং নদীৰ মাজৰ পৰা উদ্ধাৰ কৰে ৷

মৃতদেহটোৰ কাণ আৰু নাকেৰে তেজ নিগৰি অহালৈ চাই পৰিয়ালৰ লোকে এয়া হত্যাকাণ্ড বুলি দাবী কৰিছে । অৱশ্যে দেওবাৰে পুৱাৰ ভাগতে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ৷ মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পিচতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব ৷

ইপিনে সানশ্ৰাং নাৰ্জাৰীৰ মাতৃ ৰুফলা নাৰ্জাৰীয়ে অভিযোগ কৰা মতে, তেওঁ শনিবাৰে দিনৰ ভাগতে বহুবাৰ পুত্ৰৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল যদিও সক্ষম হোৱা নাছিল । সেয়ে ৰুফলা নাৰ্জাৰীয়ে তেওঁৰ ল'ৰাৰ সৈতে যোগাযোগ কৰি দিবলৈ ফাদাৰক অনুৰোধ কৰিছিল ৷ কিন্তু ফাদাৰেও সেই সুবিধাকণ কৰি দিয়া নাছিল ।

অৱশেষত নিশা ১১ বজাত ফাদাৰে তেওঁলোকক অৱগত কৰে ৷ তাৰ পাচতে দেওবাৰে পুৱাই হোষ্টেলত উপস্থিত হয় সানশ্ৰাং নাৰ্জাৰীৰ পৰিয়ালৰ লোক । ইফালে সানশ্ৰাং নাৰ্জাৰীৰ পৰিয়ালৰ লোকে হোষ্টেল কৰ্তৃপক্ষৰ দায়িত্বহীনতাৰ বাবে এনে ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰে ৷

আনকি ক্ষুব্ধ ৰাইজে সানশ্ৰাং নাৰ্জাৰী থকা হোষ্টেলৰ বিভিন্ন আচবাব ভাঙি-চিঙি এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে । বৰ্তমানলৈকে লাভ কৰা তথ্য মতে, আৰক্ষীয়ে ঘটনাৰ প্ৰকৃত তথ্য বাহিৰ কৰিবলৈ মৃত সানশ্ৰাং নাৰ্জাৰীৰ ৭ গৰাকী সতীৰ্থক সোধা-পোছা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক :Two friends drowned: ধনশিৰি নদীত গা ধুবলৈ আহি দুই বন্ধুৰ সলিল সমাধি

ABOUT THE AUTHOR

...view details