কোকৰাঝাৰ,1 নৱেম্বৰ:গা ধুবলৈ গৈ নৈৰ কোবাল সোঁতত উটি গ’ল এগৰাকী ছাত্ৰ ৷ এই ঘটনা সংঘটিত হৈছে কোকৰাঝাৰত ৷ প্ৰাপ্ত তথ্য অনুসৰি, কোকৰাঝাৰৰ দোতমাৰ লঙা নদীত দেওবাৰে পুৱা এগৰাকী ছাত্ৰই গা ধুবলৈ গৈ নৈৰ কোবাল সোঁতত উটি যায় ৷ পংকজ ব্ৰহ্ম নামৰ ১৯ বছৰীয়া ছাত্ৰগৰাকীয়ে ভাওৰাগুৰীস্থিত কাক্ৰাগাঁৱৰ পৰা মোমায়েকৰ ঘৰলৈ ফুৰিবলৈ গৈছিল ৷
গা ধুবলৈ গৈ উটি গ’ল ছাত্ৰ
কোকৰাঝাৰত সংঘটিত হৈছে এক অঘটন ৷ গা ধুবলৈ গৈ নৈৰ কোবাল সোঁতত উটি গ’ল এগৰাকী ছাত্ৰ ৷ অদ্যপি সন্ধান বাহিৰ হোৱা নাই ছাত্ৰগৰাকীৰ ৷
ছাত্ৰ সন্ধানহীন
মোমায়েকৰ ঘৰৰ সমীপতে থকা লঙা নদীত গা ধুবলৈ গৈ ছাত্ৰজন নৈত উটি যায় ৷ উক্ত ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত এছডিআৰএফ আৰু স্থানীয় আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ কিন্তু এইপৰ্যন্ত কোনো সন্ধান লাভ কৰা নাই ছাত্ৰগৰাকীৰ ৷ উল্লেখ্য যে,মেধাৱী ছাত্ৰগৰাকীয়ে গোৱাত হোটেল মেনেজমেণ্টৰ পাঠ্যক্ৰমত অধ্যয়নৰত আছিল ৷
লগতে চাওকঃৰঙিয়া আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইত