ধুমুহাই তচনচ কৰিলে সৌমদন ঔআৰীৰ সপোনক
কোকৰাঝাৰত নিশা ধুমুহাৰ তাণ্ডৱ। ধুমুহাত তচনচ হ'ল জিলাখনৰ পাটগাঁও অঞ্চলৰ বহুলোকৰ বাসগৃহ ৷ নিমিষতে ধংস হ'ল এখন ৰবৰৰ বাগান
কোকৰাঝাৰ, 6 মে': কোকৰাঝাৰত নিশা ধুমুহাৰ তাণ্ডৱ। দেশজুৰি ফেণীৰ আতংকৰ সময়তে দেওবাৰে নিশা অহা এজাক ধুমুহাত তচনচ হয় কোকৰাঝাৰৰ বিভিন্ন অঞ্চল ৷ নিশা অহা ধুমুহাৰ তাণ্ডৱত তচনচ হ'ল জিলাখনৰ পাটগাঁও অঞ্চলৰ মইঠাগুৰি গাঁৱৰ এগৰাকী শিক্ষিত যুৱকৰ সপোন ৷ চৰকাৰী চাকৰিৰ মুখ নেদেখা সৌমদন ঔআৰী নামৰ শিক্ষিত যুৱকজনে বহু প্ৰচেষ্টাৰ অন্তত স্বাৱলম্বী হোৱাৰ লক্ষ্যৰে 10 বিঘা মাটিত আৰম্ভ কৰিছিল ৰবৰ খেতিৰ ৷ যদিও নিশা অহা এক বিধ্বংসী ধুমুহাই ধ্বংস কৰিলে ৰবৰৰ বাগানখন ৷ ইপিনে এই ধুমুহাতে ধ্বংস হয় জিলাখনৰ বহু লোকৰ বাসগৃহ ৷