কোকৰাঝাৰ,15 ফেব্ৰুৱাৰীঃ কোকৰাঝাৰত উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুৰ কোকৰাঝাৰ জিলা সমিতি আৰু সদৌ কোঁচ-ৰাজবংশী ছাত্ৰ সন্থা,নাথ-যোগী ছাত্ৰ সন্থা আৰু সদৌ সূত্ৰধাৰ ছাত্ৰ সন্থাই পৃথকে পৃথকে বিভিন্ন দাবীত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । কাৰ্যসূচী অনুসৰি নেমছুই পুৱা 11 বজাৰ পৰা কোকৰাঝাৰ শিশু উদ্যানত অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে ৷ নেমছুৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলামে অংশগ্ৰহণ কৰি বিটিআৰত চমু উন্নয়ন তথা অধিকাৰৰ কথা উল্লেখ কৰি সংখ্যালঘু উন্নয়ন ব’ৰ্ড গঠনৰ দাবী তোলে ।
খিলঞ্জীয়া ভূমিপুত্ৰৰ সাংবিধানিক সুৰক্ষাৰ দাবীত কোকৰাঝাৰত নেমছুৰ অৱস্থান ধৰ্মঘট - অৱস্থান ধৰ্মঘট
উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুৰ কোকৰাঝাৰ জিলা সমিতি আৰু সদৌ কোঁচ-ৰাজবংশী ছাত্ৰ সন্থা, নাথ-যোগী ছাত্ৰ সন্থা আৰু সদৌ সূত্ৰধাৰ ছাত্ৰ সন্থাই পৃথকে পৃথকে বিভিন্ন দাবীত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । আক্ৰাছুৰ নেতৃত্বত কেইবাটাও ছাত্ৰ সংগঠনে অ-জনজাতি খিলঞ্জীয়া ভূমিপুত্ৰসকলক সাংবিধানিক সুৰক্ষা প্ৰদানৰ দাবীত এই কাৰ্যসূচী ৰূপায়ণ কৰে ।
অৱস্থান ধৰ্মঘট
আনহাতে, আক্ৰাছুৰ নেতৃত্বত কেইবাটাও ছাত্ৰ সংগঠনে অ-জনজাতি খিলঞ্জীয়া ভূমিপুত্ৰসকলক সাংবিধানিক সুৰক্ষা প্ৰদানৰ দাবীত এই কাৰ্যসূচী ৰূপায়ণ কৰে । লগতে বিটিআৰৰ অন্তৰ্গত শিক্ষানুষ্ঠানসমূহত অ-জনজাতীয় ভূমিপুত্ৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে আসন সংৰক্ষণৰ দাবী উত্থাপন কৰে ।
লগতে চাওকঃবৈষম্য আৰু বঞ্চনাৰ অৱসান ঘটাবলৈ আমি প্ৰয়োজন অনুপাতে কাম কৰিমঃ ভূপেন বৰা