কোকৰাঝাৰ, 6 মে’: কোকৰাঝাৰত ধুমুহাত বিস্তৰ ক্ষতি, বিদ্যালয়, বাহগৃহ ক্ষতিসাধন, যোগাযোগ ব্যাহত ৷ প্ৰকাণ্ড গছ উভালি পৰাত গুৰুতৰ ভাৱে আহত লোক ৷ ৰাজ্যজুৰি ফেনিৰ আতংক সৃষ্টি হৈ সাৱধানতাৰ আগজাননী দিয়া সময়তে প্ৰবল ঘূৰ্ণী বতাহ আৰু শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন হৈছে কোকৰাঝাৰ জিলাৰ অন্তৰ্গত বিভিন্ন গাঁও অঞ্চলত ।
সোমবাৰে পুৱতি নিশা ৩ মান বজাত দোতমা উন্নয়ন খণ্ডৰ অন্তৰ্গত বেলগুৰী, টুৰিবাৰী, পডবিল, অন্টায়বাৰী,নাইগাঁও বাটাবাৰী, উত্তৰ আফ্লা আদি গাওঁ সমূহৰ বাহিৰেও তিতাগুৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত নং 1 আৰু 2 নং মিষ্টাবাৰী, গুৱাবাৰী, উত্তৰ মাউৰিগাও, ছিজৌগুৰী, বুটিয়াবিল, ১২ নং কাচিবাৰী, ছুলযোৰা, চিলিগুৰী আদি গাওসমূহ তথা বৃহৎ অঞ্চলত ক্ষতিসাধন হয় । প্ৰচণ্ড ধুমুহা আৰু ঘূৰ্ণী বতাহৰ ফলত বৃহৎ বৃহৎ গছ গছনিসমুহ উভালি পৰাত বেলগুৰী, পডমবিল আৰু আফ্লাগাও , মিষ্টাবাৰী গাওঁত ব্যাহত হয় যাতায়াত । আফ্লাগাউ মাধ্যমীক বিদ্যালয়কে ধৰি বৃহৎ অঞ্চলৰ প্ৰায় কেইবা শতাধিক পৰিয়ালৰ প্ৰতিটো পৰিয়ালৰ কম বেছি পৰিমাণে ক্ষতিসাধন হোৱাৰ লগতে উপৰোক্ত গাওঁসমুহতো বিস্তৰ ক্ষতিসাধন হয় । আনহাতে আটিয়াবাৰী গাওঁত প্ৰকাণ্ড গছ উভালী পৰাত মিৰু কিষ্কু( ৪৫) আৰু ছুপল হাস্দা (৫০), নামৰ দুগৰাকী ব্যাক্তি গুৰুতৰ আহত হয় । ঘূৰ্ণী বতাহৰ প্ৰকোপ ইমানেই বেছি আছিল যে মানুহৰ বাহগৃহৰ টিনপাত দুৰলৈ উৰুৱাই নিয়ে । ঘূৰ্ণী বতাহে গছ গছনি ভাঙি চিঙি একপ্ৰকাৰ ধ্বংসস্তুপত পৰিণত কৰা ওপৰোক্ত গাঁওবোৰত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় যদিও সৌভাগ্যক্ৰমে কাৰো প্ৰাণ হানি নহ'ল । চৌদিশে বৃহৎ বৃহৎ গছ বাগৰি পৰাত বৈদ্যুতিক খূটাসমুহ ভাঙি পৰে আৰু যাৰ পৰিণতিতে পথ যোগাযোগ ব্যৱস্থা আৰু বিদ্যুত সৰবৰাহ সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে ।