অসম

assam

ETV Bharat / state

গৌৰাংভেলী কাণ্ড : তদন্ত আৰম্ভ কৰিলে আয়ুক্ত এছ এছ মিনাক্ষী সুন্দৰমে

সোমবাৰে তদন্তৰ বাবে গৌৰাংভেলী হোটেলত উপস্থিত হয় নামনি অসমৰ আয়ুক্ত মিনাক্ষী সুন্দৰম ৷ যোৱা 10 ছেপ্টেম্বৰত গৌৰাংভেলী হোটেলত কাজিয়াত লিপ্ত হৈছিল কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাজেন সিং আৰু দণ্ডাধীশ শৈলেন দাস ৷ এই ঘটনাৰ তদন্ত ঘোষণা কৰি মুখ্যমন্ত্ৰী সোণোৱালে তদন্তৰ দায়িত্ব অৰ্পন কৰে মিনাক্ষী সুন্দৰমক ৷ তদন্তৰ খাতিৰতে গৌৰাংভেলী হোটেলৰ ঘটনাস্থলী পৰিদৰ্শন কৰে মিনাক্ষী সুন্দৰমে ৷

তদন্ত আৰম্ভ কৰিলে আয়ুক্ত এছ এছ মিনাক্ষী সুন্দৰমে

By

Published : Sep 23, 2019, 8:18 PM IST

কোকৰাঝাৰ, ছেপ্টেম্বৰ 23 : তদন্ত আৰম্ভ হ'ল কোকৰাঝাৰ জিলাৰ আৰক্ষী কাণ্ডৰ ৷ সোমবাৰে তদন্তৰ বাবে গৌৰাংভেলী হোটেলত উপস্থিত হয় নামনি অসমৰ আয়ুক্ত এছ এছ মিনাক্ষী সুন্দৰম ৷

তদন্ত আৰম্ভ কৰিলে আয়ুক্ত এছ এছ মিনাক্ষী সুন্দৰমে

উল্লেখ্য যে, যোৱা 10 ছেপ্টেম্বৰত গৌৰাংভেলী হোটেলত কাজিয়াত লিপ্ত হৈছিল কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাজেন সিং আৰু দণ্ডাধীশ শৈলেন দাস ৷ কোনো কথাত মনোমালিন্য হোৱা বাবেই ৰাজেন সিঙে শৈলেন দাসক চোঁচৰাই পেলোৱাৰ লগতে ফালি পেলাই দণ্ডাধীশজনৰ গাৰ কাপোৰ ৷ হোটেলৰ চি চি কেমেৰাত বন্দী হোৱা এই সমগ্ৰ দৃশ্য ভাইৰেল হৈছিল চ'ছিয়েল মিডিয়াত ৷ তাৰ পাচতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল চাঞ্চল্যৰ ৷ এই ঘটনাৰ তদন্ত ঘোষণা কৰি মুখ্যমন্ত্ৰী সোণোৱালে তদন্তৰ দায়িত্ব অৰ্পন কৰে মিনাক্ষী সুন্দৰমক ৷

সোমবাৰে কোকৰাঝাৰত উপস্থিত হৈছে জিলাখনৰ আৱৰ্ত ভৱনত উপায়ুক্ত পাৰ্থ প্ৰতীম মজুমদাৰ, আৰক্ষী অধীক্ষক ৰাজেন সিঙ, দণ্ডাধীশ শৈলেন দাস আৰু বহুকেইগৰাকী উচ্চ পদস্থ বিষয়াৰ সৈতে মিলিত হয় আয়ুক্ত গৰাকী ৷ ইয়াৰ পাচতেই গৌৰাংভেলী হোটেলৰ ঘটনাস্থান পৰিদৰ্শন কৰে মিনাক্ষী সুন্দৰমে ৷

সাংবাদিকৰ আগত আয়ুক্ত এছ এছ মিনাক্ষী সুন্দৰমে কয় যে, ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হৈছে যেতিয়া নিৰপেক্ষভাৱে ইয়াক আগবঢ়াই নিব ৷ ৰাজ্যৰ বিভিন্ন স্থানত এ চি এছ এচ'ছিয়েচনেও এই ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে উচিত তদন্তৰ দাবী জনায় ৷

ABOUT THE AUTHOR

...view details