অসম

assam

ETV Bharat / state

কোকৰাঝাৰৰ এখন আধৰুৱা চিকিৎসালয়

শ্ৰীৰামপুৰত এবছৰ পূৰ্বে নিৰ্মাণ কাৰ্য আৰম্ভ কৰা এখন চিকিৎসালয় বৰ্তমানেও অসম্পূৰ্ণ ৷ চিকিৎসাৰ অভাৱত দুৰ্ভোগ অঞ্চলবাসীৰ ৷

কোকৰাঝাৰৰ এখন আধৰুৱা চিকিৎসালয়

By

Published : Aug 8, 2019, 2:26 PM IST

কোকৰাঝাৰ,8আগষ্ট : কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অসম বংগ সীমান্তৱৰ্তী এখন চিকিৎসালয় ৷ শ্ৰীৰামপুৰত এবছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল চিকিৎসালয়খন ৷ কিন্তু বৰ্তমানেও চিকিৎসালয়খনৰ আধা কামো সম্পূৰ্ণ কৰিব পৰা নাই ঠিকাদাৰে ৷ ফলত বৃহত্তৰ শ্ৰীৰামপুৰ অঞ্চলৰ ৰাইজে চিকিৎসা সেৱাৰ পৰা বঞ্চিত হোৱাৰ লগতে ভুগিছে নানা সমস্যাত ৷

কোকৰাঝাৰৰ এখন আধৰুৱা চিকিৎসালয়

প্ৰাপ্ত তথ্য অনুসৰি, অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ আৰ এম এছৰ অধীনত ২০১২ - ২০১৩ বিত্তীয় বৰ্ষত শ্ৰীৰামপুৰত এখন চিকিৎসালয় স্থাপন কৰাৰ বাবে এক কোটি দহ লাখ টকা চৰকাৰৰ পৰা দিয়া হৈছিল ৷ ২০১২ - ২০১৩ চনত উক্ত ধন লাভ কৰাৰ পাছতেই নিৰ্মাণৰ কাম আৰম্ভ কৰা হয় ২০১৮ চনৰ প্ৰথম ভাগত ৷ নিৰ্মাণ কাৰ্যৰ এটা বছৰ অতিবাহিত হল যদিও ইয়াৰ ৫০ শতাংশ কামেই সম্পূৰ্ণ নহল । পৰিত্যক্ত অৱস্থাত বৰ্তমান শ্ৰীৰামপুৰ চিকিৎসালয় । বিভাগে টকা আবন্টন দিয়াৰ পিছতো সঠিক সময়ত নিৰ্মাণ হোৱা নাই এই চিকিৎসালয়খন । লেহেমীয়া গতিত চলা নিৰ্মাণ কাৰ্যই স্থানীয় ৰাইজক চিন্তিত কৰি তুলিছে ৷ এতিয়া অঞ্চলবাসীয়ে চিকিৎসাৰ বাবে যাব লাগে পশ্চিম বংগৰ কোচবিহাৰ নাইবা কোকৰাঝাৰ, বঙাইগাঁৱলৈ ৷ অঞ্চলবাসীয়ে শীঘ্ৰে চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্য সম্পন্ন কৰাৰ দাবী ৷

ABOUT THE AUTHOR

...view details