অসম

assam

ETV Bharat / state

শ্ৰীৰামপুৰ গেটত বহিঃৰাজ্যৰ পৰা অহা লোকক লৈ আতংক - অসম-বংগ সীমান্তত অবস্থিত শ্ৰীৰামপুৰ পৰীক্ষণ চকী

কৰ'ণাৰ প্ৰৱেশ দুৱাৰ হৈ পৰিছে শ্ৰীৰামপুৰ গেট ৷ বহিঃৰাজ্যৰ পৰা গৃহৰাজ্যলৈ অহা লোকে আতংকিত কৰি তুলিছে শ্ৰীৰামপুৰবাসীক ।

srirampur cheek gate corona effacted pepeole
শ্ৰীৰামপুৰ গেটত বহিঃৰাজ্যৰ পৰা অহা লোকক লৈ আতংক

By

Published : May 30, 2020, 10:27 PM IST

কোকৰাঝাৰ, 30 মে' : বহিঃৰাজ্যত কৰ্মৰত হাজাৰ হাজাৰ লোকৰ সোত বৈছে গৃহৰাজ্যলৈ । খোজকাঢ়ি, যান-বাহন আৰু আন কোনোবা উপায়েৰে ঢাপলি মেলিছে নিজ ৰাজ্যখনলৈ । উত্তৰ-পূৱৰ দুৱাৰ স্বৰূপ শ্ৰীৰামপুৰ পৰীক্ষণ চকীত এইসকল লোকে স্কেনিং আৰু নাম পঞ্জীয়ন কৰিব লাগে । যাৰ কাৰণে এই লোকসকল শ্ৰীৰামপুৰ তালাচী চকীত দুই তিনি ঘণ্টা বা কেতিয়াবা এদিনো থাকিব লাগে ৷ এই লোকসকলে ওচৰতে থকা দোকানসমূহত কোনো সামাজিক দুৰত্ব নামানি খোৱা বস্তুকে ধৰি বিভিন্ন বস্তু কিনা পৰিলক্ষিত হৈছে । আনহাতে স্কেনিং আৰু নাম পঞ্জীয়নৰ নামত পৰীক্ষণ চকী তথা বজাৰৰ ইফালে সিফালে ঘুৰি থকা পৰিলক্ষিত হৈছে বহুটো লোক ৷

আনহাতে কিছুমান বহিঃৰাজ্যত কৰ্মৰত লোক অসম-বংগ সীমান্তত অৱস্থিত শ্ৰীৰামপুৰ পৰীক্ষণ চকীত স্কেনিং বা নাম পঞ্জীয়ন নকৰি মনে মনে আহি ঘৰ পাইছে । ঘৰত আৱদ্ধ নাথাকি ইফাল সিফালে ঘুৰি ফুৰি বজাৰ কৰিছে । শ্ৰীৰামপুৰত নাম পঞ্জীয়ন কৰাৰ পিছত প্ৰশাসনে এইসকল লোকক নিজ নিজ জিলাত কোৱাৰেণ্টাইন কৰি এসপ্তাহ বা দহ দিন পাছত ঘৰলৈ যাব দিয়া হয় যদিও বেছিভাগ লোকে ঘৰত নাথাকি বজাৰ কৰা বা ইফাল সিফাল ঘুৰি ফুৰা দেখা গৈছে । চৰকাৰী নিৰ্দেশনাক ভেঙুচালি কৰা এই সকল মানুহক লৈ এতিয়া আতংকিত হৈ পৰিছে সচেতন মহল ।

শ্ৰীৰামপুৰ গেটত বহিঃৰাজ্যৰ পৰা অহা লোকক লৈ আতংক

মানৱৰ সংকট কালত চৰকাৰ বা প্ৰশাসনে কৰিব লগা খিনি কৰিছে । কিন্তু বহিঃৰাজ্যৰ পৰা অহা কিছুসংখ্যকে চৰকাৰী নীতি নিৰ্দেশনা নামানি নিজৰ লগতে সৰ্বসাধাৰণৰ বিপদ চপাই অনাৰ সম্ভাৱনা বঢ়াই তুলিছে ।

লগতে পঢ়কঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ আহ্বান গুৱাহাটী এজনী যুৱতীৰ

ABOUT THE AUTHOR

...view details