অসম

assam

ETV Bharat / state

চৰকাৰৰ তাৎক্ষণিক সিদ্ধান্তই বাতিল কৰিব পাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা - covid 19

কোকৰাঝাৰত জিলা একাডেমিক পৰিষদ, জিলাখনৰ পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া বিদ্যালয় সমূহৰ মুৰব্বী তথা প্ৰধান শিক্ষকৰৰ এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷ কোকৰাঝাৰ ছেবাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সভাত 12 মে'ত হ'বলগীয়া হাইস্কুল শিক্ষান্ত তথা হাইমাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত কৰা ক্ষেত্ৰত আলোচনা কৰা হয় ৷

HSLC Exam
চৰকাৰৰ তাৎক্ষণিক সিদ্ধন্তই বাতিল কৰিব পাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা

By

Published : Apr 21, 2021, 7:10 AM IST

কোকৰাঝাৰ, 21 এপ্ৰিল :দেশৰ লগতে ৰাজ্যত ক'ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যাই ভয়াবহৰূপ ধাৰণ কৰিছে ৷ সমান্তৰালভাৱে প্ৰশাসনে জাৰি কৰা ক'ভিড সংক্ৰান্তীয় নীতি-নিৰ্দেশনাৰ লগতে ব্যাপকভাৱে চৰ্চাত থকা লকডাউন প্ৰসংগই সকলোকে অনিশ্চয়তাৰ মাজলে লৈ গৈছে ৷ বিশেষ কৈ হাইস্কুল শিক্ষান্ত তথা হাইমাদ্ৰাছা পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত ব্যাপক অনিশ্চয়তাই দেখা দিছে ৷

চৰকাৰৰ তাৎক্ষণিক সিদ্ধন্তই বাতিল কৰিব পাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা

মন কৰিবলগীয়া, অহা 12 মে'ৰ পৰা অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত তথা হাইমাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত হ'ব নে নহয় ইয়াকে লৈ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলৰ মাজত এক অনিশ্চিয়তাই দেখা দিছে ৷ ইয়াৰ মাজতে হাইস্কুল শিক্ষান্ত , হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাকলৈ কোকৰাঝাৰত জিলা একাডেমিক পৰিষদ , জিলাখনৰ পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া বিদ্যালয় সমূহৰ মুৰব্বী তথা প্ৰধান শিক্ষকৰৰ এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷

কোকৰাঝাৰ ছেবাৰ আঞ্চলিক কাৰ্যলয়ৰ উদ্যোগত কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই সভা ৷ ক'ভিড প্ৰ'টকল মানি কেনেদৰে হাইস্কুল শিক্ষান্ত, হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাসমুহ অনুষ্ঠিত কৰা হ'ব তাকে লৈ সভাত আলোচনা কৰা হয় ৷ উল্লেখ্য যে, ইতিমধ্যে চিবিএছচিয়ে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা সাময়িকভাৱে বাতিল কৰিছে যদিও ছেবাই অহা 12 মে’ৰ পৰা অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে । জানিব পৰা মতে, ইতিমধ্যে পৰীক্ষাৰ বাবে প্ৰায় সাত লাখ বহী কোকৰাঝাৰত আহি পাইছে আৰু এক নতুন ছিট প্লেন তৈয়াৰ কৰা হৈছে ।

চৰকাৰৰ তাৎক্ষণিক সিদ্ধান্তই বাতিল কৰিব পাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা

ইফালে, সভাৰ অন্তত কোকৰাঝাৰ জিলাৰ ভাৰপ্ৰাপ্ত বিদ্যালয় পৰিদৰ্শক জয়পাল সিং ব্ৰহ্মই সংবাদমাধ্যমৰ আগত কভিড প্ৰ'টকল সম্পূৰ্ণৰূপে মানি লৈ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব বুুুলি মন্তব্য প্ৰকাশ কৰে ৷ কিন্তু এইক্ষেত্ৰত চৰকাৰে যদি তাৎক্ষণিকভাৱে কোনো সিদ্ধান্ত গ্ৰহণ কৰে তেন্তে সেই সিদ্ধান্তই হে চূড়ান্ত সিদ্ধান্ত হ'ব বুলি স্পষ্ট কৰি দিয়ে । কোকৰাঝাৰ জিলাত 27 টা পৰীক্ষা কেন্দ্ৰ আছে আৰু এইবাৰ অতিৰিক্তভাৱে 8 টা কেন্দ্ৰ সাজু কৰি তোলা হৈছে বুলিও সদৰি কৰিছে ভাৰপ্ৰাপ্ত বিদ্যালয় পৰিদৰ্শক জয়পাল সিং ব্ৰহ্মই । উল্লেখ্য যে, সভাত ছেবাৰ পৰামৰ্শদাতা গৌতম দেৱ শৰ্মা, কোকৰাঝাৰ একাডেমিক কাউনন্সিলৰ ভাৰপ্ৰাপ্ত সভাপতি দীপ্তি প্ৰসাদ ব্ৰহ্ম উপস্থিত থাকে ৷

লগতে পঢ়ক: ক'ভিড-19 : প্ৰশাসন আৰু আৰক্ষীৰ দুই শীৰ্ষ বিষয়াৰ সংবাদমেল

ABOUT THE AUTHOR

...view details