অসম

assam

ৰক্তদান কৰি ৰাইজলৈ কি আহ্বান আৰক্ষী অধীক্ষকৰ ?

By

Published : Jul 10, 2021, 8:56 PM IST

কোকৰাঝাৰত লায়ঞ্চ ক্লাৱৰ উদ্যোগত ৰক্তদান শিৱিৰৰ আয়োজন ৷ উক্ত ৰক্তদান শিবিৰত কোকৰাঝাৰৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক দুগৰাকীয়েও ৰক্তদান কৰে ৷

SP and DC donated blood At Kokrajhar District
ৰক্তদান কৰি ৰাইজ লৈ কি বিশেষ আহ্বান জনালে আৰক্ষী অধীক্ষকে !

কোকৰাঝাৰ, ১০ জুলাাই: কোকৰাঝাৰত লায়ঞ্চ ক্লাৱৰ উদ্যোগত শনিবাৰে এক ৰক্তদান শিৱিৰ অনুষ্ঠিত হয় । কোকৰাঝাৰৰ তেৰাপন্ত ভৱনত অনুষ্ঠিত হোৱা এই ৰক্তদান শিৱিৰত কোকৰাঝাৰ জিলাৰ উপায়ুক্ত মেঘনিধি দাহাল আৰু জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবেই ৰক্তদান কৰে ৷ ৰক্তদানৰ পূৰ্বে জিলা উপায়ুক্ত মেঘনিধি দাহাল আৰু জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবেই কৰ’ণা টেষ্ট কৰে ।

ৰক্তদান কৰি ৰাইজ লৈ কি বিশেষ আহ্বান জনালে আৰক্ষী অধীক্ষকে

কৰ’ণা টেষ্টৰ ফলাফল নিগেটিভ হোৱাত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে ৰক্তদান কৰে । ইয়াোৰপৰি ৰক্তদান শিৱিৰত লায়ঞ্চ ক্লাৱৰ সদস্যকে ধৰি 40ৰো অধিক লোকে ৰক্তদান কৰে । উল্লেখ্য যে, কৰ'ণা ৰোগত আক্ৰান্ত হৈ কোকৰাঝাৰত বহু লোক এতিয়া চিকিৎসাধীন হৈ আছে ৷ ফলত প্ৰায় সংখ্যক চিকিৎসালয়ৰ ব্লাড বেংক সমূহত ৰক্তৰ অভাৱ হোৱা পৰিলক্ষিত হৈছে ৷

ৰক্তদান কৰি ৰাইজ লৈ কি বিশেষ আহ্বান জনালে আৰক্ষী অধীক্ষকে

সমান্তৰালকৈ কোকৰাঝাৰতো বহুলোক কৰ'ণাত আক্ৰান্ত হৈ কোকৰাঝাৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ ক'ভিডত আক্ৰান্ত হোৱা অথবা জৰুৰী ৰোগী সকলক সকাহ দিয়াৰ উদ্দেশ্যে ৰক্তদান শিৱিৰৰ আয়োজন কৰে লায়ঞ্চ ক্লাৱৰ সদস্যসকলে ৷ কোকৰাঝাৰৰ লায়ঞ্চ ক্লাৱৰ উদ্যোগত অনুষ্ঠিত হোৱা এই ৰক্তদান শিৱিৰত কোকৰাঝাৰৰ উপায়ুক্ত মেঘনিধি দাহাল আৰু আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবেই ৰক্তদান কৰে ৷

ৰক্তদান কৰি ৰাইজ লৈ কি বিশেষ আহ্বান জনালে আৰক্ষী অধীক্ষকে

ইফালে ৰক্ত দানৰ দ্বাৰা এজন লোকৰ জীৱন বচাব পাৰি আৰু প্ৰতিগৰাকী সক্ষম লোকে ৰক্তদান কৰা উচিত বুলি মন্তব্য কৰে আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবেই । ৰক্তদান শিৱিৰত কোকৰাঝৰৰ লায়ঞ্চ ক্লাৱৰ সভাপতি মহিত নাহাতা আৰু সম্পাাদক প্ৰানেছ দেবনাথকে ধৰি ক্লাৱৰ সদস্য সকলো উপস্থিত থাকে ৷

লগতে পঢ়ক-এইবাৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিল NDFBৰ প্ৰাক্তন সদস্য

ABOUT THE AUTHOR

...view details