কোকৰাঝাৰ, 26 অক্টোবৰ:সাহিত্য একাডেমী বঁটা প্ৰাপ্ত,বড়ো সাহিত্য সভাৰ প্রাক্তন সভাপতিব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মলৈ 16 তম উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা আগবঢ়োৱা হৈছে । উপেন্দ্ৰ নাথ ব্ৰহ্ম ট্ৰাষ্টে কোকৰাঝাৰস্থিত নিখিল বড়ো ছাত্ৰ সন্থা (এবছু)ৰ মুখ্য কাৰ্যালয় অৰ্থাৎ বডোফা ভৱনত আয়োজিত গম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে এই বঁটা প্ৰদান কৰে ৷ এই বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে - বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰোম লাডুছিং ৷ লগতে উপস্থিত থাকে-এবছুৰ সভাপতি প্ৰমোদ বড়ো ৷ কোকৰাঝাৰ মহাবিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ সুৰত নাৰ্জাৰীয়ে সভাপতিত্ব কৰা আৰু ইউ এন বি ট্ৰাষ্টৰ সভাপতি ডঃ ছুবুং মোছাহাৰীয়ে আদৰণি ভাষণ প্ৰদান কৰা বঁটা প্ৰদান অনুষ্ঠানটোত বঁটা গ্ৰহণ কৰে সাহিত্যিকগৰাকীৰ পত্নী কৌশল্যা ব্ৰহ্মই ৷ উল্লেখ্য যে, অসুস্থতাৰ বাবে ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম বৰ্তমান পশ্চিম বংগৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ এই বঁটাত আছে-নগদ ধন একলাখ টকা,স্মাৰক,আৰনাই,প্ৰশস্তি পত্ৰ আৰু মুগা চাদৰ।
ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মলৈ উপেন্দ্ৰনাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁঁটা - Soldier of humanity award to brajen kumar brahma news
বড়ো সাহিত্যলৈ অৱদানৰ স্বীকৃতি ৷ কোকৰাঝাৰৰ বডোফা ভৱনৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান এই সন্মান ৷
humanity award to brajen kumar brahma in kokrajhar
অতিথি ৰূপে উপস্থিত থাকি বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োই কয় -"সাহিত্য,ভাষা আৰু সংস্কৃতি অবিহনে কোনো এটা জাতি জীয়াই থাকিব নোৱাৰে।" বিশিষ্ট সাহিত্যিক তথা বড়ো সাহিত্য সভাৰ প্রাক্তন সভাপতি ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মই বিৰামহীন সাহিত্য চৰ্চাৰে অৰিহণা যোগাই আহিছে বুলিও মন্তব্য আগবঢ়ায় বৰ্তমানৰ সভাপতিগৰাকীয়ে। এবছুৰ সভাপতি প্ৰমোদ বড়োৱে মানুহৰ বাবে কাম কৰা ব্যক্তিক এই বঁটা প্ৰদান কৰি অহা বুলি উল্লেখ কৰে ৷