কোকৰাঝাৰ, 24 নৱেম্বৰ :মঙলবাৰে কোকৰাঝাৰত ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে বিটিচি প্ৰধান প্ৰমোদ বড়োক সৌজন্যমূলক সাক্ষাৎ কৰে (Sikkim Cm meets BTC Chief Promod Boro) ৷ সাক্ষাতকালত সংবাদ মাধ্যমৰ লগত হোৱা কথোপকথনত অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰৰ প্ৰশংসাত মুখ্যমন্ত্ৰীজন পঞ্চমুখ হোৱা যায় ৷
গুৱাহাটীৰ পৰা ছিকিমলৈ আকাশীপথেৰে নগৈ স্থলপথেৰে শ্ৰীৰামপুৰ-পশ্চিমবংগ হৈ যোৱাৰ পথত মঙলবাৰে ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং কোকৰাঝাৰত প্ৰৱেশ কৰি বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োক সাক্ষাৎ কৰে ৷ কোকৰাঝাৰ বালাগাঁওস্থিত কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ CIT ত উপস্থিত হয় ছিকিমৰ মুখ্যমন্ত্ৰীগৰাকী (Sikkim CM in Central Institute of Technology Kokrajhar) ৷
তাতেই প্ৰমোদ বড়োৰ সৈতে বৈঠকত মিলিত হোৱাৰ উপৰিও দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে । মূলতঃ দীৰ্ঘদিনীয়া সুসম্পৰ্কৰ পৰিণতিতে মঙলবাৰৰ দিনটোত গুৱাহাটীৰ পৰা ছিকিমলৈ স্থলপথেৰে যোৱাৰ পথত মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে প্ৰমোদ বড়োক সৌজন্যমূলক সাক্ষাৎ কৰে ৷ পৰৱৰ্তী সময়ত সংবাদমাধ্যমৰ আগত অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰক প্ৰশংসা কৰি ছিকিমৰ মুখ্যমন্ত্ৰীয়ে (Sikkim CM praised Assam Govt and BTC) ৷ তেওঁ কয় যে, সকলোৱে সহযোগ কৰিলেহে চৰকাৰ সূচাৰুৰূপে চলে ।