অসম

assam

ETV Bharat / state

কোকৰাঝাৰত বিষুৱা উৎসৱ উদযাপন - kokrajhar

সেৰফাংগুৰী ৰামফলবিল আঞ্চলিক বিষুৱা উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত চতুৰ্থ বাৰ্ষিক বিষুৱা উৎসৱ উদযাপন ৷ এই বিষুৱা উৎসৱৰ কাৰ্যসূচীত মঙলবাৰে ৰাতিপুৱা 9 বজাত বিষুৱাৰ পতাকা উত্তোলন কৰে বিষুৱা উদযাপন সমিতিৰ সভাপতি ইন্দ্ৰজিৎ ৰায়ে ।

কোকৰাঝাৰত বিষুৱা উৎসৱ উদযাপন

By

Published : Apr 30, 2019, 8:21 PM IST

কোকৰাঝাৰ, 30 এপ্ৰিলঃ মঙলবাৰে কোকৰাঝাৰ জিলাৰ অন্তৰ্গত সেৰফাংগুৰী দেবৰগাঁৱত পালন কৰা হয় বিষুৱা উৎসৱ ৷ সেৰফাংগুৰী ৰামফলবিল আঞ্চলিক বিষুৱা উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় চতুৰ্থ বাৰ্ষিক বিষুৱা উৎসৱ ৷ এই বিষুৱা উৎসৱৰ কাৰ্যসূচীত মঙলবাৰে ৰাতিপুৱা 9 বজাত বিষুৱাৰ পতাকা উত্তোলন কৰে বিষুৱা উদযাপন সমিতিৰ সভাপতি ইন্দ্ৰজিৎ ৰায়ে । ইয়াৰ পিছতেই শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে উক্ত বিষুৱা উদযাপন সমিতিৰ সম্পাদক জয়দেৱ ৰায়ে ৷ উক্ত কাৰ্যসূচীৰ পিছতে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷ শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে সেৰফাংগুৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সৌমদন হাজোৱাৰীয়ে ৷ এই সাংস্কৃতিক শোভাযাত্ৰাত কুশান নৃত্য দল, গোৱালিনী নৃত্য দল, তিস্তাবুৰী কৃষ্টি দল, বাশ নৃত্য দলৰ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰে ৷ আনহাতে বিষুৱা উদযাপনৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় কুইজ, কবিতা-আবৃত্তি, বিষুৱা সুন্দৰী আদিৰ প্ৰতিযোগিতাও ৷

কোকৰাঝাৰত বিষুৱা উৎসৱ উদযাপন

ABOUT THE AUTHOR

...view details