অসম

assam

ETV Bharat / state

নেপালত কিক্ বক্সিঙত সাফল্য কোকৰাঝাৰৰ সেনা জোৱানৰ

কাঠমাণ্ডুৰ ৰাংছালা ইনড'ৰ ষ্টেডিয়ামত 1 ৰ পৰা 4 জুনলৈকে অনুষ্ঠিত চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত নেপালৰ জোৱান মামন কুমাৰক পৰাস্ত কৰে ৷ ছেমি ফাইনেলত নেপালৰ ডৰেন সিং আৰু ফাইনেলত ভাৰতৰ সুধাৰ বিৰুদ্ধে যুঁজি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ৷

কিক্ বক্সিঙত সাফল্য কোকৰাঝাৰৰ সেনা জোৱানৰ

By

Published : Jun 4, 2019, 10:40 PM IST

Updated : Jun 4, 2019, 10:48 PM IST

কোকৰাঝাৰ, 4 জুনঃ সেনাৰ ৰেড্ হৰ্ণছ ডিভিজনৰ কোকৰাঝাৰ ইউনিটৰ জোৱান ৰবীন্দৰ সিঙে নেপালত অনুষ্ঠিত কিক্ বক্সিঙৰ নেপাল অপেন ইন্টাৰনেচনেল চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷ কাঠমাণ্ডুৰ ৰাংছালা ইনড'ৰ ষ্টেডিয়ামত 1 ৰ পৰা 4 জুনলৈকে অনুষ্ঠিত চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত নেপালৰ জোৱান মামন কুমাৰক পৰাস্ত কৰে ৷

ছেমি ফাইনেলত নেপালৰ ডৰেন সিং আৰু ফাইনেলত ভাৰতৰ সুধাৰ বিৰুদ্ধে যুঁজি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে ইয়াৰ পূৰ্বেও সেনা জোৱানগৰাকীয়ে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছিল ৷

Last Updated : Jun 4, 2019, 10:48 PM IST

ABOUT THE AUTHOR

...view details