অসম

assam

ETV Bharat / state

কোকৰাঝাত অনিৰ্দিষ্টকাললৈ চেলুন বন্ধ - kokrajhar

বৰ্তমান চৰকাৰে চেলুন খোলাৰ অনুমতি প্ৰদান কৰিছে যদিও কোকৰাঝাৰ চহৰৰ পাৰ্লাৰ আৰু চেলুন কৰ্মকটাই বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁলোকৰ প্ৰতিষ্ঠানসমূহ ।

কোকৰাঝাৰ অনিৰ্দিষ্টকাললৈ চেলুন বন্ধ কৰাৰ সিদ্ধান্ত চেলুন সংস্থাৰ
কোকৰাঝাৰ অনিৰ্দিষ্টকাললৈ চেলুন বন্ধ কৰাৰ সিদ্ধান্ত চেলুন সংস্থাৰ

By

Published : Jun 3, 2020, 8:58 PM IST

কোকৰাঝাৰ, 3, জুন: ১ জুনৰ পৰা আৰম্ভ হোৱা #unlock-1 ৰ সময়ত চেলুন আৰু পাৰ্লাৰসমূহ খোলাৰ বাবে চৰকাৰে অনুমতি প্ৰদান কৰিছে । বিগত দুমাহৰো অধিক সময় কৰ'ণাৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বন্ধ ৰখা হৈছিল চেলুন তথা পাৰ্লাৰসমূহ ।

কোকৰাঝাৰ অনিৰ্দিষ্টকাললৈ চেলুন বন্ধ কৰাৰ সিদ্ধান্ত চেলুন সংস্থাৰ
বৰ্তমান চৰকাৰে চেলুন আৰু পাৰ্লাৰসমূহ খোলাৰ বাবে অনুমতি প্ৰদান কৰাৰ পিছতো কোকৰাঝাৰ চহৰৰ পাৰ্লাৰ আৰু চেলুন কৰ্মকটাই বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁলোকৰ প্ৰতিষ্ঠান সমূহ ।বুধবাৰে কোকৰাঝাৰ সাংবাদিকৰ আগত নাপিত এগৰাকীয়ে কয় যে,"চৰকাৰে চেলুন তথা পাৰ্লাৰসমূহক খোলাৰ বাবে অনুমতি দিছে ঠিকে কিন্তু চেলুন পাৰ্লাৰসমূহত মাস্ক,ছেনিটাইজাৰ ইত্যাদি প্ৰদান কৰিব লাগিছিল । কিন্তু এই ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা কৰা নাই ।"

যাৰবাবে নিজৰ আৰু পৰিয়ালৰ জীৱনৰ কথা চিন্তা কৰি কোকৰাঝাৰৰ যিমান চেলুন আছে অনিৰ্দিষ্টকাললৈ বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জনায় ।

লগতে চাওকঃ বিমান অসমৰ পৰিয়াললৈ আলফা স্বাধীনৰ বাৰ্তা

ABOUT THE AUTHOR

...view details