কোকৰাঝাৰ, 11 আগষ্টঃ পশ্চিম অসমৰ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাত স্বাধীনতা দিৱসৰ আগে-পিছে কোনো অশুভ শক্তিয়ে যাতে কূটাঘাতমূলক কাৰ্য সংঘটিত কৰি শান্তি বিঘ্নিত কৰিব নোৱাৰে তাৰ বাবে মহকুমা আৰক্ষী প্ৰশাসন সষ্টম হৈ পৰিছে । স্বাধীনতা দিৱসৰ প্ৰাকক্ষনত মহকুমাটোৰ বিভিন্ন স্পৰ্শকাতৰ অঞ্চল সমূহত আৰক্ষী-অৰ্ধ সামৰিক বাহিনী অধিক কটকটীয়া কৰি তোলা হৈছে ।
কোকৰাঝাৰত নিৰাপত্তাৰক্ষীয়ে গঢ়ি তুলিছে নিৰাপত্তা বেষ্টনী - অসম
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত পশ্চিম অসমত সষ্টম আৰক্ষী-চি আৰ পি ৷ গঢ়ি তুলিছে নিশ্ছিদ্ৰ নিৰাপত্তা বেষ্টনী, চলাইছে তালাচী ৷
বিশেষকৈ ভাৰত-ভূটান সীমান্তৰ ভিতৰুৱা অঞ্চল সমূহত সীমান্ত সুৰক্ষা বল আৰু সেনাৰ সহযোগত আৰক্ষীয়ে নিয়মীয়া টহল অব্যাহত ৰাখিছে । তদুপৰি গোসাঁইগাঁও সদৰ চহৰ, কচুগাঁও, ভাওৰাগুৰি, গুৰুফেলা, সাপকাটা, চৰাইবিল, জাৰাগুৰি, শিমুলটাপু, শ্ৰীৰামপুৰ, গ্ৰাহামপুৰ, ডিংডিঙা আদি অঞ্চলৰ ৰাজহুৱা স্থান, বাছ আৰু আন বাহনৰ আস্থান, গোসাঁইগাঁওহাট, চৌতাৰা আৰু শ্ৰীৰামপুৰ ৰেল ষ্টেছন আদিত আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ জোৱানে দিনে নিশা কটকটীয়া পহৰা দি থকা পৰিলক্ষিত হৈছে । বিভিন্ন পথ, উপ পথেৰে চলাচল কৰা যান বাহনত চলাইছে তালাচী । আৰক্ষীয়ে চিআৰপিএফ আৰু এছ এছ বিক লগত লৈ চহৰাঞ্চলত চলাচল কৰা সৰু ডাঙৰ যান-বাহনত তালাচী চলোৱাৰ উপৰি যাত্ৰী সকলৰ টালি-টোপলা খুলি তালাচী চলোৱাও পৰিলক্ষিত হৈছে । আৰক্ষীক এই ক্ষেত্ৰত ৰাইজেও যথেষ্ট সহায় আগবঢ়াইছে বুলি জনায় মহকুমা আৰক্ষী বিষয়া বিদ্যুত বিকাশ বৰা ভুঞাই । তেওঁ শান্তিপূৰ্ণ পৰিৱেশ অটুট ৰাখিবলৈ সাধাৰণ ৰাইজৰো বিশেষ ভূমিকা থকা বুলি উল্লেখ কৰি অশুভ শক্তিৰ কামকাজ প্ৰত্যক্ষ কৰিলে বা সেই বিষয়ে কোনো খবৰ পালে লগে লগে আৰক্ষী নাইবা নিৰাপত্তা ৰক্ষীক অৱগত কৰিবলৈ ৰাইজক আহ্বান জনায় ।
অশুভ শক্তিবোৰে কূটাঘাত চলোৱাৰ চেষ্টা কৰাৰ লগতে উৰা বাতৰি আৰু সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰি অশান্তি সৃষ্টি কৰা অপপ্ৰয়াস চলাব পাৰে সেইক্ষেত্ৰতো আৰক্ষী যথেষ্ট চোকা দৃষ্টি ৰাখিছে যদিও ৰাইজকো দৃষ্টি দিবলৈ আৰক্ষী বিষয়াজনে পুনৰ আহ্বান জনায়।