অসম

assam

ETV Bharat / state

বিটিআৰত পৰিবহণ বিভাগৰ নিযুক্তিত ব্যাপক দুৰ্নীতিৰ অভিযোগ - Scam in Tranport Depertment At Kokrajhar

বিটিচি পৰিবহণ বিভাগত নিযুক্তিত দুৰ্নীতি আৰু অনিয়ম হোৱা বুলি গুৰুতৰ অভিযোগ দল সংগঠনৰ ৷ ৰাজ্যপালৰ শাসনত যোৱা পূৰ্বে কোনোধৰণৰ বাচনি পৰীক্ষা অবিহনে পৰিবহণ বিভাগত সৰ্বমুঠ ৮ জনক সহকাৰী পৰিবহণ পৰিদৰ্শকৰ নিযুক্তি দিছিল হাগ্ৰামা মহিলাৰীৰ চৰকাৰে বুলি গুৰুতৰ অভিযোগ কৰে ।

ETV BHARAT
বিটিআৰত পৰিবহণ বিভাগৰ নিযুক্তিত ব্যাপক দুৰ্নীতিৰ অভিযোগ

By

Published : May 28, 2020, 9:38 PM IST

কোকৰাঝাৰ, 28 মেঃ কোকৰাঝাৰ জিলাৰ পৰিবহণ বিভাগত নিযুক্তিত দুৰ্নীতি আৰু অনিয়ম হোৱা বুলি গুৰুতৰ অভিযোগ দল সংগঠনৰ ৷ হাগ্ৰামা মহিলাৰী নেতৃত্বত বিপিএফৰ শাসন কালত ব্যাপক দুৰ্নীতি আৰু অনিয়ম হোৱা বুলি অভিযোগ কৰে ৷

বিটিআৰত পৰিবহণ বিভাগৰ নিযুক্তিত ব্যাপক দুৰ্নীতিৰ অভিযোগ

বিটিচিত হাগ্ৰামা মহিলাৰী নেতৃত্বত বিপিএফৰ শাসন কালত ব্যাগুম দুৰ্নীতি আৰু অনিয়ম এটাৰ পিছত এটা বিটিচি ৰাজ্যপাল শাসনৰ পিছত পোহৰলৈ আহিছে। উল্লেখ্য যে, বিটিচি পৰিষদখন ৰাজ্যপালৰ শাসনত যোৱা পূৰ্বে কোনোধৰণৰ বাচনি পৰীক্ষা অবিহনে বিটিচি পৰিবহণ বিভাগত সৰ্বমুঠ ৮ জনক সহকাৰী পৰিবহণ পৰিদৰ্শকৰ নিযুক্তি দিছিল হাগ্ৰামা মহিলাৰীৰ চৰকাৰে । শেহতীয়াকৈ এই তথ্য পোহৰলৈ আনিছে বিটিএডি প্ৰধান বিৰোধী দল ইউ পি পি এলৰ কেন্দ্ৰীয় সদস্য পৃথিৱী নাৰায়ণ দেৱ মেচৰ দাখিল কৰা আৰ টি আই প্ৰতিবেদনত পোহৰলৈ আহিছে বহু দুৰ্নীতি । ইউ পি পি এল নেতা গৰাকীয়ে সাংবাদিকৰ আগত হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তোলে ৷ তেঁও সাংবাদিকৰ আগত সদৰি কৰা অনুসৰি উল্লেখ্য কৰে যে, বিটিচিৰ শাসনভাৰ ৰাজ্যপাল হাতত যোৱাৰ প্ৰাগমুহুৰ্ৰ্ত্বত বিটিচিৰ পৰিবহণ বিভাগত ৮ জনক সহকাৰী পৰিবহণ পৰিদৰ্শকৰ পদত নিয়ম উলংঘা কৰি নিযুক্তি দিছে । বিটিচি প্ৰাক্তন প্ৰধান সচিব ৰবিনচন মোচাহাৰীৰ নিজ পুত্ৰ ৰোনেল ৰবিনচন মোচাহাৰী, বিটিচি আৱকাৰী বিভাগৰ বিভাগীয় মুৰব্বী ৰহেন্দ্ৰ বাসুমতাৰীৰ পুত্ৰ নিকলছ বাসুমতাৰী, চিৰাং জিলা আৱকাৰী ভিভাগৰ পৰিদৰ্শক ৰিংচাৰ বাসুমতাৰীৰ পুত্ৰ ভাস্কৰ সৌৰাং বাসুমতাৰী, প্ৰাক্তন বিটিচিৰ ই এম জগদীশ চৰকাৰৰ পিএ মাধৱ ৰাজবংশীৰ ভতিজা হোৱাইট ৰংজবংশী, হাগ্ৰামা মহিলাৰীৰ আত্মীয় সুবাংকৰ মহিলাৰীৰ জীয়ৰী সোণালী মহিলাৰী, প্ৰাক্তন ই এম ৰাজীৱ ব্ৰহ্মৰ ভাগিনাক কাজিব বাসুমতাৰী আৰু হাগ্ৰামা মহিলাৰীৰ ঘনিষ্ঠ বিটিচি উদ্ধক বিভাগৰ বিষয়া ৰোহিতেশ্বৰ নাৰ্জাৰীৰ জীয়ৰী কুইটি নাৰ্জাৰীক বিটিএডিৰ চাৰিখন জিলা ক্ৰমে কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰিৰ জিলা পৰিবহণ কাৰ্যালয়ত সহকাৰী পৰিবহণ পৰিদৰ্শকৰ নিযুক্তি দিছিল বিটিচি চৰকাৰে। আনহাতে চেণ্ট্ৰেল চেলেকচন বৰ্ড (CSB)ৰ অধ্যক্ষ ৰাজেন্দ্ৰ নাথ ব্ৰহ্ময়ে এই নিযুক্তিৰ ওপৰত চেণ্ট্ৰেল চেলেকচন বৰ্ড কোনো কথা জড়িত নহয় আৰু এই বিষয়ে অৱগত নহয় বুলি সদৰি কৰে ।এতিয়া প্ৰশ্ন হৈছে বিটিচিত চাকৰি নিযুক্তি আৰু চৰকাৰী আঁচনিৰ নামত হাগ্ৰামা মহিলাৰীৰ শাসন কালত হাগ্ৰামাৰ ৰাজত্ব চলি আহিছিল বুলি অভিযোগ কৰে ৷ ৰাজ্যপালৰ শাসনৰ সময়চোৱাত উক্ত বিষয়টোৰ তদন্ত কৰিবলৈ আহ্বান জনাইছে দল সংগঠনৰ নেতা সকলে ৷

লগতে পঢ়ক-সনাতন ডেকা হত্যাকাণ্ডৰ চতুৰ্থজন অভিযুক্ত আটক

ABOUT THE AUTHOR

...view details