কোকৰাঝাৰ, 20 ডিচেম্বৰ :অহা 5 আৰু 6 জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰৰ খাৰগাঁওস্থিত কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত হ'ব বিটিএডি গাঁওবুঢ়া সন্থাৰ তৃতীয় পঞ্চম বাৰ্ষিক অধিবেশন ৷ সেই উপলক্ষে দেওবাৰে যজ্ঞ, পূজা-অৰ্চনা তথা মাংগলিক কাৰ্যসূচীৰে অধিবেশনৰ লাইখুঁটা স্থাপন কৰা হয় ৷ অধিবেশনত বিটিচিৰ চাৰিওখন জিলাৰ পৰা প্ৰায় সহস্ৰাধিক গাঁওবুঢ়াই অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷
অধিবেশনত আগন্তুক 5 বছৰীয়া কাৰ্যকালৰ বাবে নতুনকৈ কাৰ্যকৰী কমিটিও গঠন কৰা হ'ব ৷ অধিবেশনৰ লাইখুঁটা স্থাপন কৰি বিটিএডি গাঁওবুঢ়া সন্থাৰ সাধাৰণ সম্পাদক ৰ'বাৰ্ট কেৰকাতাই সদৰী কৰা অনুসৰি, অধিবেশনত কোকৰাঝাৰ আৰু চিৰাং জিলাৰ প্ৰত্যেক ৰাজহ গাঁৱৰ গাঁওবুঢ়া সকলক চৰকাৰে নিয়োগ আৰু পাৰিতোষিক প্ৰদান কৰা কৰাৰ লগতে, বাক্সা আৰু ওদালগুৰি জিলাৰ খালী থকা গাঁওবুঢ়া পদসমূহ অচিৰেই পূৰণ কৰা, প্ৰত্যেক ভিচিডিচিত উন্নয়নমূলক কামত গাঁওবুঢ়া সকলক চামিল কৰা আদি বিষয়ত গুৰুত্ব সহকাৰে আলোচনা কৰা হ'ব ৷