কোকৰাঝাৰ,7 মাৰ্চঃচাওতাল ছাত্ৰ সন্থাৰ গোঁসাইগাঁও, কোকৰাঝাৰ আৰু চিৰাং জিলা সমিতিৰ উদ্যোগত গোঁসাইগাঁও মহকুমাৰ কচুগাঁও পাব্লিক স্কুল খেলপথাৰত অনুষ্ঠিত হয় এক বিশাল গণ সমাৱেশ ৷ সমাৱেশত আদিবাসী জনগোষ্ঠীৰ সহস্ৰাধিক জনতাই অংশগ্ৰহণ কৰি বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।
গোঁসাইগাঁৱৰ কচুগাঁৱত চাওতাল ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ - kokrajhar st status demand
শীঘ্ৰে ত্ৰি-পাক্ষিক আলোচনাৰ জৰিয়তে শান্তি চুক্তি স্বাক্ষৰ কৰাৰ দাবী চাওতাল ছাত্ৰ সন্থাৰ ৷ সন্থাৰ গোঁসাইগাঁও, কোকৰাঝাৰ আৰু চিৰাং জিলা সমিতিৰ উদ্যোগত গোঁসাইগাঁও মহকুমাৰ কচুগাঁও পাব্লিক স্কুল খেলপথাৰত শনিবাৰে এক বিশাল গণ সমাৱেশ অনুষ্ঠিত হয় । সমাৱেশত অংশগ্ৰহণ কৰা জনগণে প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।
![গোঁসাইগাঁৱৰ কচুগাঁৱত চাওতাল ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ samabesh at kokrajhar assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6332915-953-6332915-1583593446159.jpg)
গণ সমাবেশ
শনিবাৰে গণ সমাৱেশত অংশগ্ৰহণ কৰা চাওতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক ৰীমান সোৰেণে কয় যে, "অসমত বসবাস কৰা আদিবাসীসকলক 70বছৰ ধৰি সকলো দিশতে বঞ্চিত কৰি ৰখা হৈছে । আদিবাসী বিভিন্ন দল-সংগঠনে দীৰ্ঘদিনৰ পৰা জনজাতিৰ মৰ্যদা প্ৰদানৰ বাবে দাবী জনাই আহিছে যদিয়ো চৰকাৰে আজিলৈ কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই ।"
লগতে চাওকঃকৰ'ণা ভাইৰাছকলৈ আতংকিত সত্ৰনগৰী মাজুলী !
TAGGED:
kokrajhar st status demand