কোকৰাঝাৰ, 7 জুলাই:কোকৰাঝাৰ জিলাৰ ছালাকাটিৰ পৰা বিগত এসপ্তাহ ধৰি এগৰাকী দিব্যাংগ যুৱতী ৰহস্যজনকভাবে সন্ধানহীন (Divyang Minor Girl missing from Kokrajhar) হৈ থকা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ সন্ধানহীন যুৱতী গৰাকী ছালাকাটিৰ নিবাসী গুৰুচৰণ বাছফৰৰ কন্যা পিংকী বাছফৰ (২৮ ) বুলি জনা গৈছে ৷ সন্ধানহীন দিব্যাংগ যুৱতীগৰাকী কোনো অসৎ চক্ৰৰ কৱলত পৰা বুলি পৰিয়ালৰ লোকে সন্দেহ কৰিছে ৷
ইতিমধ্যে পৰিয়ালৰ লোকে যুৱতীগৰাকীক বিচাৰি আৰক্ষীৰ কাষ চাপে ৷ যদিও এসপ্তাহৰ পিছতো নিৰুদিষ্ট যুৱতীগৰাকীক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে বিভিন্ন দল সংগঠনে ৷ বুধবাৰে চাফাই কৰ্মী অনুসূচিত ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি (Safaikarmi Anusuchit Jati Students Union) , অখিল হিন্দীভাষী বিকাশ পৰিষদৰ (Akhil Hindi Bhashi Vikash Parishad) আৰু বিকাশ পৰিষদৰে ছালাকাটি আঞ্চলিক সমিতিৰ নেতৃবৰ্গই সংবাদমাধ্যমৰ জৰিয়তে সন্ধানহীন যুৱতী গৰাকীক আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত উদ্ধাৰ কৰাৰ দাবী জনায় জিলা আৰক্ষী প্ৰশাসনক ৷