গুৱাহাটী 4 অক্টোবৰ: নতুন ৰূপেৰে বিমান যাত্ৰীক আদৰিবলৈ সাজু হৈ উঠিছে দ্বিতীয় বিশ্ব যুদ্ধৰ সাক্ষী ৰূপে পৰিচিত ধুবুৰীৰ ৰূপসী বিমানবন্দৰ ৷ ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহণ বিভাগে প্ৰায় 60 কোটি টকা ব্যয়েৰে পুনঃনিৰ্মান কৰি উলিওৱা এই বৃহৎ চৌহদৰ বিমানকোঠটো অতি সোনকালেই যাত্ৰীৰ বাবে মুকলি কৰাৰ হ'ব বুলি সংশ্লিষ্ট মন্ত্ৰালয়ে জানিবলৈ দিয়ে ।
দেশৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত হলেও ধুবুৰী আৰু কোকৰাঝাৰৰ মাজতে থকা ৰূপসী বিমান বন্দৰৰ লগত জড়িত হৈ আছে দ্বিতীয় বিশ্ব যুদ্ধৰ এক ঘটনা বহুল ইতিহাস। প্ৰাপ্ত তথ্য অনুসৰি 1942-43 চনত মাৰ্কিন বায়ুসেনাৰ সমৰ কৌশলৰ অংশ হিচাপে পশ্চিম অসমৰ এই অঞ্চলত এই বিমানবন্দৰ নিৰ্মান কৰা হৈছিল ।