অসম

assam

ETV Bharat / state

কোকৰাঝাৰত একতাৰ দৌৰ - Run for unity news At Kokrajhar

কোকৰাঝাৰত প্ৰশাসনৰ উদ্যোগত একতাৰ দৌৰ ৷ বিদ্যালয়ৰ বহু ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে এই কাৰ্যসুচীত ৷ কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত একতা দৌৰ আয়োজন কৰা হয় ৷

কোকৰাঝাৰত একতা দৌৰ আয়োজন

By

Published : Aug 14, 2019, 8:41 AM IST


কোকৰাঝাৰ, 14 আগষ্টঃ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি কোকৰাঝাৰত প্ৰশাসনৰ উদ্যোগত একতাৰ দৌৰ আয়োজন ৷ বিদ্যালয়ৰ বহু ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে এই কাৰ্যসূচীত ৷ চৰকাৰে তিনিদিনীয়াকৈ স্বাধীনতা দিৱস উদযাপন কৰিবলৈ জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই বুধবাৰে কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত একতা দৌৰ আয়োজন কৰা হয় ৷ কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী খেলপথাৰৰ পৰা এই দৌৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিশিষ্ঠ সাহিত্যিক অৰুণ বৰগয়াৰীয়ে। কোকৰাঝাৰ চহৰৰ ডিচি অফিচ হৈ শান্তিনগৰ, জেডি ৰোড হৈ পুনৰ বহুমুখী খেলপথাৰত অন্ত পৰে এই দৌৰ । দৌৰত কোকৰাঝাৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত বিবেশ্বৰ বৰুৱা, অতিৰিক্ত আৰক্ষী অধীক্ষক তাবোৰম পেগু, ৰোজি ৰাণী শৰ্মাকে ধৰি বহু ব্যক্তিই অংশগ্ৰহণ কৰে ।

কোকৰাঝাৰত একতা দৌৰ আয়োজন

ABOUT THE AUTHOR

...view details