কোকৰাঝাৰ, 3 জুলাই : হাৰিয়ানাৰ আলফা কেয়াৰ হাস্পতালৰ আইচিইউ(ICU)ত ৰহস্যজনক মৃত্যুক আঁকোৱালি লোৱা নাগালেণ্ডৰ বিমান পৰিচাৰিকা (air hostess)ৰ’জী চাংমা আৰু কল চেণ্টাৰত কাম কৰা তেঁওৰ সম্পৰ্কীয় ভাতৃ চামুৱেল চাংমাৰ ৰহস্যজনক মৃত্যুক হত্যাকাণ্ড বুলি আখ্যা দিছে গাৰো ছাত্ৰ সন্থাই (Garo student Union) ৷ শুকুৰবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাৱত গাৰো ছাত্ৰ সন্থাৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি মিষ্টেন মাৰাক আৰু সাধাৰণ সম্পাদক ষ্টাৰ চাংমায়ে এক সংবাদমেলৰ আয়োজন কৰি উক্ত ঘটনাক হত্যাকাণ্ড বুলি আখ্যা দিয়ে ৷
আইচিইউত আইচক্ৰীম জাতীয় কিবা খুওৱাৰ বাবে মুখেৰে ফেন বাহিৰ হৈ ৰ’জী চাংমাৰ মৃত্যু হৈছিল ৷ লগতে উক্ত ঘটনাটো ভিডিঅ' কৰাৰ বাবেই চামুৱেল চাংমাকো হত্যা কৰা বুলি ছাত্ৰ নেতাদ্বয়ে অভিযোগ কৰে ৷ চামুৱেল চাংমাই আত্মহত্যা কৰা নাই কিয়নো তেঁওৰ গাত আঘাতৰ চিন স্পষ্ট হৈ আছে বুলি মন্তব্য কৰিছে গাৰো ছাত্ৰ নেতা মিষ্টেন মাৰাক আৰু ষ্টাৰ চাংমায়ে ৷