অসম

assam

ETV Bharat / state

কোকৰাঝাৰত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উপলক্ষে সজাগতামূলক কাৰ্যসূচী - বিভিন্ন সজাগতামলূক কাৰ্যসূচী

সোমবাৰৰ পৰা কোকৰাঝাৰত পালন কৰা হৈছে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ । এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে জিলা পৰিবহন বিষয়া ধজেন বসুমতাৰীয়ে ৷ ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উপলক্ষে বিভিন্ন সজাগতামলূক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব জিলাখনত ।

কোকৰাঝাৰত পালন কৰা হৈছে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ
কোকৰাঝাৰত পালন কৰা হৈছে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ

By

Published : Jan 18, 2021, 9:03 PM IST

কোকৰাঝাৰ, ১৮ জানুৱাৰী: সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে কোকৰাঝাৰ চহৰতো ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উপলক্ষে সোমবাৰৰ পৰা সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ৷ কোকৰাঝাৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় আৰু জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত মাহজোৰা কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব ।

কোকৰাঝাৰত পালন কৰা হৈছে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ

সোমবাৰে প্ৰথম দিনাৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে জিলা পৰিবহণ বিষয়া ধজেন বসুমতাৰীয়ে ৷ কোকৰাঝাৰ চহৰৰ উপৰিও জিলাখনৰ বিভিন্ন প্ৰান্তত বাটৰ নাট, মটৰ চাইকেল সমদল আৰু পথ সুৰক্ষাৰ বিষয়ে চালকসকলৰ মাজত বিভিন্ন সজাগতামলূক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব ৷

কোকৰাঝাৰত পালন কৰা হৈছে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ

একাংশ চালকে পথত ট্ৰেফিক আইন উলংঘা কৰি অভাৰটেক কৰিবলৈ গৈ দুৰ্ঘটনাত পতিত হোৱা বিষয়টোত উদ্বেগ ব্যক্ত কৰি বসুমতাৰীয়ে গাড়ী চালক আৰু মটৰ চাইকেল আৰোহীসকলক অভাৰটেকৰ প্ৰতিযোগিতা নকৰিবলৈ আহ্বান জনায় ৷ লগতে জিলা পৰিবহণ বিষয়াগৰাকীয়ে নিয়ম মানি চলিবলৈ সকলোকে আহ্বান জনায় ৷

লগতে পঢ়ক:অসম বিধানসভাৰ 13 শতাংশ বিধায়কৰ আছে অপৰাধজনিত গোচৰ

ABOUT THE AUTHOR

...view details