অসম

assam

ETV Bharat / state

"ডিলাৰ পইণ্ট ৰোড ছেফটি" সজাগতা সভা কোকৰাঝাৰ জিলা পৰিবহণ বিভাগৰ - কোকৰাঝাৰ

কোকৰাঝাৰ জিলাত দিনক দিনে বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ ঘটনা । পথ দুৰ্ঘটনা প্ৰতিৰোধ কৰাৰ মহান উদ্দেশ্যে শুকুৰবাৰে " ডিলাৰ পইন্ট ৰোড ছেফটি" শীৰ্ষক নামৰ এক অভিনৱ সজাগতা অভিযান কোকৰাঝাৰ জিলা পৰিবহণ বিভাগৰ ।

"ডিলাৰ পইণ্ট ৰোড ছেফটি" সজাগতা সভা কোকৰাঝাৰ জিলা পৰিবহণ বিভাগৰ

By

Published : May 4, 2019, 12:11 AM IST

কোকৰাঝাৰ, ৩ মে': কোকৰাঝাৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে চহৰ খনৰ কদমতোলাস্থিত ইয়ামাহা মটৰ চাইকেল শ্ব-ৰূমত সজাগতা অভিযান জিলা পৰিবহণ বিষয়া ধজেন বসুমতাৰীৰ ।

শেহতীয়াকৈ কোকৰাঝাৰ জিলাত বৃদ্ধি পোৱা পথ দুৰ্ঘটনাক লৈ উদ্বেগ প্ৰকাশ বসুমতাৰীৰ ৷ বিগত ২০১৮-১৯ বৰ্ষত জিলাখনত মুঠ ১৪৮ টা পথ দুৰ্ঘটনা সংঘটিত হৈছে য'ত ৬৯ গৰাকী লোকে নিজৰ প্ৰাণ হেৰুৱালগীয়া হৈছিল । যাৰ পৰিপ্ৰেক্ষিতত কোকৰাঝাৰ পৰিবহণ বিভাগে মটৰ চাইকেল ক্ৰয় কৰা সময়তে নৱপ্ৰজন্মৰ মাজত দুৰ্ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে মটৰ চাইকেল ডিলাৰ শ্ব ৰূমত বাহন ক্ৰয় কৰাৰ সময়তে গ্ৰাহকক এজোপা গছ পুলি প্ৰদান কৰাৰ লগতে পথ দুৰ্ঘটনা ৰোধৰ সমস্যাক জ্ঞান দিবলৈ এই অভিযান আৰম্ভ কৰা বুলি জনায় ধজেন বসুমতাৰী ৷ তদুপৰি মটৰ চাইকেল ক্ৰেতাই মটৰ চাইকেল পঞ্জীয়নৰ বাবে নিজেই ঘৰৰ চৌহদত গছপুলি ৰোপন কৰা ফটো পঞ্জীয়নৰ আবেদনৰ সৈতে সংলগ্ন কৰি দিব লাগিব ৷ আবেদনৰ সৈতে গছপুলি ৰোপন কৰাৰ ফটো সংলগ্ন কৰি নিদিলে পৰিবহণ বিভাগৰ কাৰ্যালয়ে সেই আবেদন গ্ৰহণ নকৰে বুলি জনায় জিলা পৰিবহণ বিষয়া গৰাকীয়ে ।

এই সজাগতা অভিযান অনুষ্ঠানত উপস্থিত থাকে এ চি এছ বিষয়া শৈলেন দাস, হল্টুগাঁও বনবিভাগৰ ডি এফ অ এম শৰ্মা আৰু বন্যপ্ৰানী বিভাগৰ এচিএফ প্ৰমিতেশ দেৱ ৰয় ৷

"ডিলাৰ পইণ্ট ৰোড ছেফটি" সজাগতা সভা কোকৰাঝাৰ জিলা পৰিবহণ বিভাগৰ

ABOUT THE AUTHOR

...view details