কোকৰাঝাৰ, 29 অক্টোবৰ :কোকৰাঝাৰত ৰে'ল বিভাগে পথ বন্ধ কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি ৷ কোকৰাঝাৰ জিলাৰ চেঁচাপানীস্থিত গড়কাপ্তানি পথটো ৰে'ল বিভাগে বন্ধ কৰিব বিচৰাত স্থানীয় লোক ওলাই আহি পথ অৱৰোধ কৰে ৷
কোকৰাঝাৰত ৰে'ল বিভাগৰ বিৰুদ্ধে সৰৱ ৰাইজ - kokrajhar
কোকৰাঝাৰ জিলাৰ চেঁচাপানীস্থিত গড়কাপ্তানি পথটো ৰে'ল বিভাগে বন্ধ কৰিব বিচৰাত স্থানীয় লোক ওলাই আহি পথ অৱৰোধ কৰে ৷ লগতে সেই স্থানত অতি শীঘ্ৰেই ক্ৰছিং গেট অথবা ফুট ব্ৰীজৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায় ৷
কোকৰাঝাৰত উত্তপ্ত পৰিস্থিতি
বিভাগীয় কৰ্তৃপক্ষৰ এনে কাৰ্যক সমালোচনা কৰি, চৰকাৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম, সাংসদ নৱ শৰণীয়া বিৰোধী শ্ল'গান প্ৰদান কৰে ৰাইজে ৷ ইয়াৰোপৰি ৰাইজে অতি শীঘ্ৰেই সেই স্থানত ৰে'ল পথ ওপৰত ক্ৰছিং গেট অথবা ফুট ব্ৰীজৰ ব্যৱস্থা কৰিবলৈয়ো দাবী জনায় ৷ উল্লেখ্য যে, বিগত সময়ছোৱাত চেঁচাপানী গাঁৱৰ ৰে'ল পথৰ ওপৰত কোনো ধৰণৰ ক্ৰছিং বা ফুট ব্ৰীজ নথকাৰ ফলত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে ৰাইজ ৷ লগতে ৰে'লৰ চেপাত প্ৰাণ গৈছে বহু লোকৰো ৷ .
লগতে পঢ়ক:ৰঞ্জন দৈমাৰীৰ ফাঁচী বিচাৰিছে কোনে ?