অসম

assam

ETV Bharat / state

পুত্ৰৰ সাফল্যই চিন্তিত কৰিছে পিতৃক - ইটিভি ভাৰত

ভৱিষ্যতে চিকিৎসক হোৱাৰ সপোন দেখা বিজয়ক লৈ আনন্দিত হ'লেও উচ্চ শিক্ষাৰ বাবে প্ৰয়োজন হোৱা অৰ্থৰ চিন্তাই জুৰুলা কৰিছে পিতৃ মাতৃক । চৰকাৰ আৰু সদাশয় ব্যক্তিৰ পৰা সাহাৰ্য বিচাৰিছে পৰিয়ালটোৱে ।

RICKSHAW PULLER

By

Published : May 16, 2019, 5:10 PM IST

গোসাঁইগাঁও,16 মে': পিতৃয়ে ৰিক্সা চলাই কোনোমতে পোহপাল দিছে পৰিয়ালটো ৷ নিজাকৈ এটুকুৰা মাটি নথকাত অস্থায়ী ভাৱে জুপুৰি সাজি কোনোমতে জীয়াই আছে পৰিয়ালটো ৷ ঘৰত নাই বহিবলৈ চকী,পঢ়িবলৈ নাই মেজ,নাই বিদ্যুৎ সংযোগ। এনে এটা পৰিৱেশৰ পৰাই 83 শতাংশ নম্বৰেৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে বিজয় ৰায় ৷

RICKSHAW PULLER

দৰিদ্ৰতা যে শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ নহয় তাকে প্ৰমাণিত কৰি দেখুৱালে গোসাঁইগাঁৱৰ বিজয় ৰায়ে। পাঁচটা বিষয়ত লেটাৰ নম্বৰ লৈ উত্তীৰ্ণ হৈ গোসাঁইগাঁও লৈ সুনাম কঢ়িয়াই আনিছে ৰূপচী গাঁৱৰ নিবাসী তথা ৰিক্সা চালক বিশ্বনাথ ৰায় আৰু মাতৃ অৰ্চনা ৰায়ৰ জেষ্ঠপুত্ৰ বিজয় ৰায়ে। ছাত্ৰজনৰ কৃতকাৰ্যতাত উৎফুল্লিত হৈছে গাঁওবাসী ৷ বিজয় ৰায়ে অসমীয়া বিষয়ত 65,ইংৰাজীত 82,গণিতত 92,বিজ্ঞানত 82,সমাজ বিজ্ঞানত 90 আৰু সংস্কৃতিত 88 নম্বৰসহ মুঠ 499 নম্বৰেৰে চিথিলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হয় ৷ ভৱিষ্যতে চিকিৎসক হোৱাৰ সপোন দেখা বিজয়ক লৈ আনন্দিত হ'লেও উচ্চ শিক্ষাৰ বাবে প্ৰয়োজন হোৱা অৰ্থৰ চিন্তাই জুৰুলা কৰিছে পিতৃ মাতৃক। চৰকাৰ আৰু সদাসয় ব্যক্তিৰ পৰা সাহাৰ্য বিচাৰিছে পৰিয়ালটোৱে।

ABOUT THE AUTHOR

...view details