অসম

assam

ETV Bharat / state

কোকৰাঝাৰত গণৰাজ্য় দিৱসত ৮ খন নতুন নগৰৰ ঘোষণা

৭২ সংখ্যক গণৰাজ্য দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷ গণৰাজ্য দিৱসৰ দিনা বিটিআৰৰ মুখ্য কাৰ্যবাহী গৰাকীয়ে বিটিআৰৰ চাৰি খন জিলাৰ আঠখন নতুন নগৰৰ নাম ঘোষণা কৰে ৷

কোকৰাঝাৰত গণৰাজ্য় দিৱসত ৮ খন নতুন নগৰৰ ঘোষণা
কোকৰাঝাৰত গণৰাজ্য় দিৱসত ৮ খন নতুন নগৰৰ ঘোষণা

By

Published : Jan 26, 2021, 7:17 PM IST

কোকৰাঝাৰ ২৬ জানুৱাৰী : সমগ্ৰ দেশজুৰি মঙলবাৰে ৭২ সংখ্যক গণৰাজ্য দিৱস উছাহ-উদ্দীপনাৰে উদযাপন কৰা হয় ৷ কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত স্থানীয় চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত আয়োজন কৰা হয় গণৰাজ্য দিৱসৰ । কাৰ্যসূচীত পতাকা উত্তোলন কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োয়ে ৷ ইয়াৰ পিচতে বিটিআৰ প্ৰধান বড়োৱে সেনা-আৰক্ষী আৰু বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰদৰ্শন কৰা কুচ-কাৱাজৰ অভিবাদন গ্ৰহণ কৰে ৷

কোকৰাঝাৰত গণৰাজ্য় দিৱসত ৮ খন নতুন নগৰৰ ঘোষণা

গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি বিটিআৰবাসী ৰাইজক উদ্দেশ্যি দিয়া ভাষণত বিটিআৰ প্ৰধান প্ৰমোদ বড়োই অঞ্চলটোৰ শৈক্ষিক, আৰ্থ-সামাজিক,সাংস্কৃতিক, কৃষি, স্বাস্থ্য আদি বিভিন্ন দিশত উন্নয়ন অনাৰ বাবে বিটিআৰবাসী জনসাধাৰণৰ সহযোগিতা কামনা কৰে ৷ লগতে অঞ্চলটোৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ মাজত শান্তি-সম্প্ৰীতি অটুট ৰাখিবলৈ আহবান জনায় ৷

উল্লেখ্য যে পৱিত্ৰ গণৰাজ্য দিৱসৰ দিনা বিটিআৰৰ মুখ্য কাৰ্যবাহী গৰাকীয়ে বিটিআৰৰ চাৰি খন জিলাৰ আঠখন নতুন নগৰৰ নাম ঘোষণা কৰে ৷ গণৰাজ্য দিবসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিভিন্ন জাতি জনগোষ্ঠীৰ কলা-কৃষ্টিৰ দল আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানত বিটিআৰৰ কেইবাগৰাকী আৰক্ষী আৰু বিশিষ্ট ব্য়ক্তিক সম্বৰ্ধনা জনোৱা হয় ।

গণৰাজ্য দিৱসৰ কাৰ্যসূচীত বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে , বিটিআৰৰ সচিব প্ৰধান সিদ্ধাৰ্থ সিং , বিটিআৰৰ আৰক্ষী মহাপৰিদৰ্শক অনুৰাগ আগৰৱালা , জিলা উপায়ুক্ত ভাস্কৰজ্যোতি ফুকন আৰু জিলা আৰক্ষী অধীক্ষককে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক :গণৰাজ্য দিৱসঃ লখিমপুৰত পতাকা উত্তোলন কৰিলে মন্ত্ৰী ৰঞ্জিত দত্তই

ABOUT THE AUTHOR

...view details