অসম

assam

ETV Bharat / state

বড়ো সাহিত্য-সংস্কৃতিৰ সাধক প্ৰবক্তা প্ৰদীপ কুমাৰ গয়াৰীৰ বিয়োগ

কোকৰাঝাৰ চহৰৰ নিকটৱৰ্তী ওৱাবাৰী নিৱাসী প্ৰদীপ কুমাৰ গয়াৰীয়ে প্ৰায় এমাহ ধৰি গুৱাহাটীত চিকিৎসাধীন হৈ থকাৰ অন্তত শুকুৰবাৰে বিয়লী ২.৫৩ বজাত ৬৪ বছৰ বয়সত মৃত্যুক আঁকোৱালি লয় । একেধাৰে কবি, সাহিত্যিক, সমাজকৰ্মী, প্ৰবক্তা, নাট ৰচিয়তা ইত্যাদি গুণেৰে বিভূষিত প্ৰদীপ কুমাৰ গয়াৰী ৷

Renovate Literature cum Social Worker  Prodip Kr. Goyary Demise
কবি, সাহিত্যিক, সমাজকৰ্মী, প্ৰবক্তা প্ৰদীপ কুমাৰ গয়াৰীৰ বিয়োগ

By

Published : Dec 18, 2020, 10:29 PM IST

কোকৰাঝাৰ, ১৮ ডিচেম্বৰ :একেধাৰে কবি, সাহিত্যিক, সমাজকৰ্মী, প্ৰবক্তা, নাট ৰচিয়তা ইত্যাদি গুণেৰে বিভূষিত প্ৰদীপ কুমাৰ গয়াৰীয়ে শুকুৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে ৷ কোকৰাঝাৰ চহৰৰ নিকটৱৰ্তী ওৱাবাৰী নিৱাসী প্ৰদীপ কুমাৰ গয়াৰী প্ৰায় এমাহ ধৰি গুৱাহাটীত চিকিৎসাধীন হৈ আছিল ৷ শুকুৰবাৰে বিয়লী ২.৫৩ বজাত হেলথ চিটি হাস্পতালত ৬৪ বছৰ বয়সত মৃত্যুক আঁকোৱালি লয় । কোকৰাঝাৰ ডায়েটৰ প্ৰবক্তাৰ উপৰি সৰ্বশিক্ষা অভিযান মিছনৰ জিলা আঁচনি বিষয়া, ডি পি ই পিৰ আঁচনি বিষয়া হিচাপে কৰ্ম সম্পাদন কৰিছিল গয়াৰীয়ে ৷ ব্যস্ততা পূৰ্ণ জীৱনৰ মাজতে কবিতা পুথি, গল্পপুথি, টেটৰ নানা কিতাপ-পত্ৰ আদি প্ৰকাশ কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ব্যক্তিগৰাকী ।

সৰ্বশিক্ষা অভিযান মিছনৰ আঁচনি বিষয়া হৈ থকা কালছোৱাত বিশেষকৈ বিদ্যালয়ে বিদ্যালয়ে গৈ নানা সভা সমিতিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক লৈ শিক্ষা মূলক জ্ঞান, সমাজৰ পৰা কু-সংস্কাৰ, অন্ধবিশ্বাস আঁতৰোৱাৰ লগতে নানা সামাজিক জ্ঞান বিস্তাৰ কৰাৰ ক্ষেত্ৰত গীত-মাত-নাট প্ৰদৰ্শন কৰি ছাত্র, ছাত্ৰী, অভিভাৱক তথা সকলো শ্ৰেণী ৰাইজক আমোদ দিছিল । তেওঁৰ মৃত্যুত পৰিয়ালৰ লগতে কোকৰাঝাৰৰ বিভিন্ন দল-সংগঠন, শুভাকাংক্ষীয়ে গভীৰ শোক প্ৰকাশ কৰে ।
লগতে পঢ়ক : SI কেলেংকাৰীৰ ২৬২১ পৃষ্ঠাজোৰা চাৰ্জশ্বীট দাখিল চিআইডিৰ

ABOUT THE AUTHOR

...view details