কোকৰাঝাৰ ১৬ ছেপ্টেম্বৰ : ৰাজ্যত কৰ’ণা ভাইৰাছে মাৰাত্মক ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত বিটিচিৰ নিৰ্বাচন সাময়িক ভাৱে পলম হ’লেও পৰিষদৰ নিৰ্বাচনত এইবাৰ শক্তিশালী ৰূপত অৱৰ্তীৰ্ণ হ’বলৈ সাঁজু হৈছে গেৰুৱা দল বিজেপি ৷ কৰ’ণাৰ আতংকৰ মাজতে শাসকীয় দল বিজেপিয়ে বুধবাৰে কোকৰাঝাৰত বিটিচি পৰিষদৰ নিৰ্বাচনকলৈ জিলা পৰ্যায়ৰ এক সাংগঠনিক পৰ্যালোচনা সভা অনুষ্ঠিত কৰে ৷
কোকৰাঝাৰ চহৰৰ জুগামি ভৱনত আয়োজিত বিজেপিৰ দলীয় সভাত বিশেষকৈ সমাগত বিটিচি পৰিষদৰ নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনকলৈ সাংগঠনিক ভেটি মজবুত কৰাৰ উদ্দেশ্যৰে এই সভা অনুষ্টিত কৰা হয় ৷ সভাত বিজেপি দলৰ কোকৰাঝাৰ জিলাৰ তত্বাৱধায়ক তথা প্ৰভাৰী তথা বিজেপিৰ ৰাজ্যিক নেত্ৰী ৰেখা ৰাণী দাস বড়ো উপস্থিত থাকে ৷ এই সভাত বিজেপি দলক তৃণমূলৰ পৰা শক্তিশালী কৰাৰ আহ্বান দি ৰেখা ৰাণী দাস বড়োৱে সংবাদমেলযোগে আগন্তক দিনত বিটিএডিত সু-শাসন,ৰাইজক সুৰক্ষা প্ৰদান, সমবিকাশ সমঅধিকাৰ আৰু সৰ্বাংগীন ৰাইজক উন্নয়নৰ এক পৰিৱৰ্তনৰ শ্ল’গানৰে বিজেপিয়ে ৰাইজৰ হৈ কাম কৰাৰ প্ৰতিশ্ৰুতিৰ দিয়ে ৷