অসম

assam

ETV Bharat / state

কোকৰাঝাৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন হাগ্ৰামা মহিলাৰীৰ - হাগ্ৰামা মহিলাৰী

কোকৰাঝাৰত গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ অনুষ্ঠানত শীঘ্ৰে এনডিএফবি সৈতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে চুক্তি কৰিব, যি চুক্তি বিটিচিবাসীৰ বাবে শান্তি ঘূৰি আহিব বুলি মন্তব্য কৰে বিটিচি প্ৰধান গৰাকীয়ে ৷

কোকৰাঝাৰ
কোকৰাঝাৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন হাগ্ৰামা মহিলাৰীৰ

By

Published : Jan 26, 2020, 4:01 PM IST

কোকৰাঝাৰ, 26 জানুৱাৰীঃ কোকৰাঝাৰত 71 তম গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে । কোকৰাঝাৰ চৰকাৰী উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে বিটিচি প্ৰধান গৰাকীয়ে ৷ অনুষ্ঠানত হাগ্ৰামা মহিলাৰীয়ে সংবিধান প্ৰনেতা ড৹ বি আৰ আম্বেদকাৰলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰি ৰাষ্ট্ৰৰ ঐক্য বাৰ্তাই ৰাখি সকলোকে দেশৰ উন্নয়ন আৰু প্ৰগতিৰ হকে কাম কৰি যাবলৈ আহ্বান জনায় ।

কোকৰাঝাৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন হাগ্ৰামা মহিলাৰীৰ

আনহাতে, নতুন বড়ো চুক্তিৰ ওপৰত হাগ্ৰামা মহিলাৰীয়ে কয় যে, শীঘ্ৰে এনডিএফবি সৈতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে চুক্তি কৰিব, যি চুক্তি বিটিচিবাসীৰ বাবে শান্তি লৈ আহিব । এই চুক্তিত কেৱল বড়ো জনগোষ্ঠীৰ বাবে নহয় , সমগ্ৰ জাতি-জনগোষ্ঠীক সম অধিকাৰৰ বাবে বুলি মন্তব্য কৰে হাগ্ৰামাই ।

উল্লেখ্য যে, নতুন বড়ো চুক্তিত এনডিএফবিৰ চাৰিটা গোট, এবছু, পিজেএচিবিএম,ইউবিপিঅ নেতৃবৰ্গই স্বাক্ষৰ কৰাৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হাগ্ৰামা মহিলাৰীৰ সাক্ষৰ থাকিব ৷

আৰু পঢ়কঃ ডিব্ৰুগড়ত গ্ৰেণেড বিস্ফোৰণত আলফা স্বাধীন জড়িত থকা সন্দেহ!

ABOUT THE AUTHOR

...view details