অসম

assam

By

Published : Jan 13, 2023, 1:20 PM IST

Updated : Jan 13, 2023, 3:55 PM IST

ETV Bharat / state

New insurgent group in BTR: বড়োভূমিত পুনৰ নতুন সশস্ত্ৰ সংগঠনৰ উকমুকনি, ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়া

বড়োভূমিত নতুন সশস্ত্ৰ সংগঠনৰ আত্মপ্ৰকাশক সন্দৰ্ভত সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে(New insurgent group in BTR) ৷ বিটিআৰ চুক্তিৰ পিছতেই বড়োলেণ্ডলৈ ঘূৰি আহিছিল শান্তিৰ বাতাবৰণ ৷ এনে এক শান্তিৰ পৰিৱেশ হৈ থকাৰ মাজতে কিয় আৰু কোনে সশস্ত্ৰ সংগ্ৰামৰ জন্ম দিলে তাক লৈ চিন্তিত হৈছে সকলো ৷ এই লৈ সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰী(MLA Lorense Islary) আৰু ইউপিপিএলৰ সম্পাদক ৰাজু নাৰ্জাৰীয়ে (UPPL Secretary Raju Narzary)৷

MLA Lorense Islary and UPPL Secretary Raju Narzary react on New Arms Organization in BTC
ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়া

ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়া

কোকৰাঝাৰ, ১২ জানুবাৰী : "এয়া ভাল হোৱা নাই ৷ এতিয়া সশস্ত্ৰ সংগঠনৰ সশস্ত্ৰ সংগ্ৰামৰ পৰিৱেশ নাই ৷ সমগ্ৰ উত্তৰ পূবত থকা সশস্ত্ৰ সংগঠনবোৰে চৰকাৰৰ লগত আলাপ আলোচনা কৰি মূলসুঁতিলৈ আহিবলগা এটা প্ৰক্ৰিয়াৰে আগবাঢ়ি গৈছে ৷ এনেকুৱা সময়ত নতুনকৈ সশস্ত্ৰ সংগ্ৰাম খোলাৰ আমি কোনো যুক্তি দেখা নাই ৷ বিটিআৰ চুক্তি হ’ল, এই চুক্তিৰ দফাবোৰ এতিয়া ৰূপায়ণ হৈ আছে ৷ আমি শেহতীয়াকৈ ভাৰত চৰকাৰৰ লগত আলোচনা কৰি আহিছো চুক্তিৰ দফাবোৰ যাতে কাৰ্যকৰী হয় ৷

আমাক চৰকাৰে আশ্বাস দিছে যে আগন্তুক তিনিমাহৰ ভিতৰত দফাবোৰ ৰূপায়ণ হ’ব ৷ গতিকে তেনে এটা পৰিৱেশত কোনে কি কাৰণে নতুনকৈ এটা সশন্ত্ৰ সংগঠনৰ জন্ম দি আন্দোলন কৰিব বিচাৰিছে আমি বুজি পোৱা নাই ৷ আন্দোলন কৰিবলৈ এটা সুস্থ পৰিৱেশ লাগে" ৷ বড়োভূমিত পুনৰ নতুন এটা সশস্ত্ৰ সংগঠনৰ সৃষ্টি হোৱাৰ পিছতে এই সন্দৰ্ভত মতামত প্ৰকাশ কৰে কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰীয়ে (MLA Lorense Islary)৷

শেহতীয়াকৈ বিপিএফৰ প্ৰাক্তন বিধায়ক সহ তিনি বড়ো নেতাক গ্ৰেপ্তাৰ কৰাৰ পিছ মূহুৰ্ততেই বড়ো নেশ্যনেল লিবাৰেশ্যন আৰ্মি (Bodo National Liberation Army) অৰ্থাৎ চমুকৈ "বিএনএলএ" নামেৰে এটা সশস্ত্ৰ সংগঠনে আত্মপ্ৰকাশ কৰা বুলি সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰিয়ে বিটিআৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (politicians reacts on New Arms Organization) ৷

"মই নতুনকৈ খোলা সংগঠনটোৰ সন্দৰ্ভত ইমান অৱগত নহয় যদিও সংবাদমাধ্যমত এটা ষ্টেটমেণ্ট দেখিছিলো, ইয়াত তেওঁলোকৰ দোষ নাই, যুৱপ্ৰজন্মৰ তেজ গৰম, তাৰ উপৰি কিছু উচতনি যোগোৱা মানুহে তেওঁলোকৰ আঁৰত থাকি যুৱপ্ৰজন্মক ভুল দিশে ধাৱমান কৰাইছে ৷ মই তেওঁলোকক আহ্বান জনাইছো যে এতিয়া বড়োলেণ্ডত অস্ত্ৰ ধৰি আন্দোলন কৰিবলগীয়া তেনেকুৱা কোনো পৰিস্থিতি নাই ৷

ইয়াত বাক স্বাধীনতা আছে, আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আগবাঢ়ি যাব পাৰো, যোৱা 30, 40 টা বছৰে আমি বহুত দেখিলো, এই সশস্ত্ৰ সংগ্ৰামৰ কাৰণে আমি হাজাৰ হাজাৰ মানুহ হেৰুৱাব লগা গ’ল ৷ বড়োলেণ্ডলৈ শান্তি ঘূৰি আহিছে, এই শান্তি যাতে বিনষ্ট নহয়, আমি আৰক্ষী বা ইণ্টেলিজেন্সক ছাপৰ্ট কৰিবই লাগিব ৷ উগ্ৰপন্থী সংগঠন জন্ম হৈছেনে নাই মই সঠিককে কব নোৱাৰো, ই ভুৱাও হ’ব পাৰে, কোনো লোকে পৰিৱেশ বিনষ্ট কৰিবলৈয়ে ভুৱা মেইল এটা পঠাই দিব পাৰে ৷"

বড়োভূমি পুনৰায় কোনোৱে ৰক্তাক্ত কৰিব বিচাৰিলে আমি কাহানিও ইয়াক প্ৰশ্ৰয় নিদিও আৰু অসম চৰকাৰ আৰু আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল’বই বুলি মন্তব্য প্ৰকাশ কৰে ইউপিপিএলৰ সম্পাদক ৰাজু নাৰ্জাৰীয়ে (UPPL Secretary Raju Narzary)৷

উল্লেখ্য যে 2020 চনৰ 27 জানুৱাৰী তাৰিখে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ অধ্যক্ষ তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু এনডিএফবিৰ চাৰি গোটৰ নেতৃত্বৰ উপস্থিতিত পৃথকে পৃথকে দিল্লীত ঐতিহাসিক বড়ো শান্তি চুক্তিত স্বাক্ষৰ কৰিছিল ৷

লগতে পঢ়ক:National Food Security Act: ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ ৰ অধীনত নতুন হিতাধিকাৰী বাছনি সন্দৰ্ভত বৈঠক

Last Updated : Jan 13, 2023, 3:55 PM IST

ABOUT THE AUTHOR

...view details