অসম

assam

By

Published : Jan 9, 2023, 1:43 PM IST

ETV Bharat / state

Reaction on bodo leaders arrested: আইনৰ দৃষ্টিত ভুল প্ৰমাণিত হ’লে শাস্তি পোৱাটো স্বাভাৱিক, বিশ্বজিৎ দৈমাৰী

বিপিএফৰ নেতা তথা প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীসহ তিনি বড়ো নেতাৰ গ্ৰেপ্তাৰক (3 BTAD leader arrested) লৈ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ৷ ভুল কৰিলে শাস্তি পাবই বুলি মন্তব্য প্ৰমোদ বড়োৰ (BTR Chief Pramod Bodo) ৷ আইনৰ দৃষ্টিত যি শুদ্ধ হয় সেয়াই হ’ব বুলি মন্তব্য অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ (Assam legislative assembly speaker) ৷

three bodo leaders arrested
তিনি বড়ো নেতাৰ গ্ৰেপ্তাৰক লৈ অব্যাহত প্ৰতিক্ৰিয়া

কোকৰাঝাৰ ৯ জানুৱাৰী: বিপিএফৰ নেতা তথা প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীসহ তিনি বড়ো নেতাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাক লৈ কোকৰাঝাৰ তথা বড়োভূমিত অব্যাহত আছে প্ৰতিক্ৰিয়া (Reaction continuous in Boroland for three bodo leader arrest) । এনে প্ৰতিক্ৰিয়া আব্যহত থকাৰ মাজতে ৰবিবাৰে বিয়লি কোকৰাঝাৰ সাহিত্য উৎসৱত অংশগ্ৰহণ কৰিবলৈ অহা বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ লগতে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া (3 BTAD leader arrested) ৷

তিনি নেতাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে, যি হ’ব আইনৰ দৃষ্টিৰে হ’ব ৷ যি অভিযোগৰ ভিত্তিত আৰক্ষীয়ে নেতা কেইজনক গ্ৰেপ্তাৰ কৰিছে সেয়া প্ৰমাণ হ’ব লাগিব ৷ একেদৰে গ্ৰেপ্তাৰ হোৱা নেতাকেইজনেও নিজকে দোষমুক্ত বুলি প্ৰমাণ কৰিব পাৰিব লাগিব (Assam legislative assembly speaker) ।

তিনি বড়ো নেতাৰ গ্ৰেপ্তাৰক লৈ অব্যাহত প্ৰতিক্ৰিয়া

তদন্তৰ পাছতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব আৰু একো নজনাকৈ বাহিৰৰ পৰা এই সন্দৰ্ভত একো ক’ব নোৱাৰি বুলি মন্তব্য কৰে । উগ্ৰপন্থী হৈ কাৰোবাৰ জীৱন ধবংস কৰা, বিশৃংখলতাৰ সৃষ্টি কৰাটো কোনোপধ্যে সমৰ্থনযোগ্য নহয় বুলি তাৎপৰ্যপুৰ্ণ মন্তব্য কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৷ কে এল অ' ৰ শান্তি আলোচনা সন্দৰ্ভতো সাংবাদিকে সোধা আন এক প্ৰশ্নত অধ্যক্ষগৰাকীয়ে কয় যে, কে এল অ' ৰ প্ৰতিনিধিসকল আলোচনাৰ বাবে আগবাঢ়ি আহিছে, আলোচনা বৰ্তমানেও অব্যাহত আছে ৷

তিনি বড়ো নেতাৰ গ্ৰেপ্তাৰক লৈ অব্যাহত প্ৰতিক্ৰিয়া

আলোচনা প্ৰক্ৰিয়া যাতে সফল তথা সমস্যাটোৰো সু-মীমাংসা হোৱাৰ লগতে স্থায়ী শান্তি স্থাপন হোৱাৰ বাবে সকলোৱে আশা কৰিব লাগে তথা আলোচনা প্ৰক্ৰিয়াৰ প্ৰতি সমৰ্থন জনাব লাগে বুলি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় ।

তিনি নেতাক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় ,কোনোবাই আইনৰ দৃষ্টিত ভুল প্ৰমাণিত হ’লে শাস্তি পোৱাটো স্বাভাৱিক আৰু শান্তিৰ বড়োলেণ্ডত অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব খোজা কাৰ্য নিত্যান্তই দুৰ্ভাগ্যজনক । বড়োলেণ্ডত বন্দুক -বাৰুদৰ পৰিৱেশ পুনৰ কোনেও নিবিচাৰে আৰু কাৰোবাৰ যদি অধিকাৰৰ কথা আছে সেয়া গণতান্ত্ৰিকভাৱে আলোচনা কৰাটো ভাল বুলি কয় বিটিআৰৰ মুখ্য কাৰ্যবাহীগৰাকীয়ে ।

তিনিবাৰকৈ বড়ো চুক্তি সম্পাদন কৰি ইতিমধ্যে চৰকাৰে বড়োলেণ্ডৰ প্ৰতি সহযোগিতা আগবঢ়াইছে আৰু এই মুহুৰ্তত অস্ত্ৰ লোৱাটো কোনেও কামনা নকৰে বুলি মন্তব্য কৰি প্ৰমোদ বড়োই কয় যে আইনে নিজৰ পথ ল’ব ।

উল্লেখ্য যে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰী, জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকৰী সভাপতি দাওৰাও দেখ্ৰেব নাৰ্জাৰী, বড়োলেণ্ড ঠিকাদাৰ সন্থাৰ সাধাৰণ সম্পাদক বিক্ৰম দৈমাৰীৰ মুক্তিৰ দাবীত কেইবাটাও দল-সংগঠনে সাব্যস্ত কৰি আহিছে তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ ৷

লগতে পঢ়ক:Two Militants Killed in Balakot Sector Jammu : ডাংৰী হিংসাৰ সৈতে জড়িত দুটা সন্ত্ৰাসবাদী নিহত

ABOUT THE AUTHOR

...view details