কোকোকৰাঝাৰ, ১৫ছেপ্টেম্বৰ:কেন্দ্ৰীয় চৰকাৰে দেশৰ পাঁচখন ৰাজ্য ক্ৰমে হিমাচল প্ৰদেশ,কৰ্ণাটক, উত্তৰ প্ৰদেশ, ছট্টিছগড় আৰু তামিলনাডুৰ বিভিন্ন জাতি-জনগোষ্ঠীক নতুনকৈ জনজাতিকৰণৰ বাবে গ্ৰহণ কৰা কেবিনেট সিদ্বান্তক লৈ অসমত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বিশেষকৈ অসমৰ ছয়টাকৈ জনগোষ্ঠীয়ে জনজাতিৰ স্বীকৃতি বিচাৰি দীৰ্ঘদিন ধৰি আন্দোলন কৰি অহাৰ পিছতো জনগোষ্ঠী কেইটাৰ দাবীক উপেক্ষা কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
বৃহস্পতিবাৰে কোকৰাঝাৰত কোঁচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক তথা আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ে(Reaction of Biswajit Ray on St in Kokrazar)বিষয়টোৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ১৯৯৬ চনতে জনজাতিৰ স্বীকৃতি লাভ কৰিছিল যদিও পুনৰ এবছৰৰ পিছত কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ জনজাতিৰ স্বীকৃতি বাতিল কৰা হ'ল ৷ তাৰ বাবে চৰকাৰক প্ৰতাৰক আখ্যা দি অথবা দোষী বুলি কৈ লাভ নাই ৷ ৰাজনীতিকৰ পকেটত বিক্ৰী হোৱা একাংশ কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ নেতাৰ বাবেই আজিৰ এই দশা বুলি তেওঁ ক্ষোভেৰে কয় ৷