অসম

assam

ETV Bharat / state

বিটিচি নিৰ্বাচন: অসম বিধানসভা নিৰ্বাচনৰ এক 'ছেমি ফাইনেল' - ৰ’জভেলী কেলেংকাৰি

বড়োলেণ্ড টেৰিটৰিয়েল পৰিষদৰ (বিটিচি) নিৰ্বাচনখন কেৱল মাত্ৰ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন (বি টি আৰ) অত সংখ্যা গৰিষ্ঠতা প্ৰাপ্তিৰ বাবে যুঁজা এখন যুঁজ হৈ থকা নাই বৰঞ্চ ই আগন্তক বৰ্ষৰ প্ৰাৰম্ভণিতে অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনখনৰ প্ৰাক মূহুৰ্তত ৰাজনৈতিক দলবোৰৰ বাবে এখন 'ছেমি ফাইনেল' হিচাপে পৰিগণিত হৈছে ৷

Re: BTC Polls: A 'semi-final' for next year's assembly election in Assam
বিটিচি নিৰ্বাচনঃ আগন্তুক বৰ্ষত অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অনুষ্ঠিত হোৱা এখন 'ছেমি ফাইনেল'

By

Published : Dec 10, 2020, 9:53 PM IST

Updated : Dec 11, 2020, 1:15 PM IST

নিউজ ডেস্ক, 10 ডিচেম্বৰ : চলিত বৰ্ষৰ বড়োলেণ্ড টেৰিটৰিয়েল পৰিষদৰ (বিটিচি) নিৰ্বাচনখন কেৱল মাত্ৰ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন (বি টি আৰ) অত সংখ্যা গৰিষ্ঠতা প্ৰাপ্তিৰ বাবে যুঁজা এখন যুঁজ হৈ থকা নাই বৰঞ্চ ই আগন্তক বৰ্ষৰ প্ৰাৰম্ভণিতে অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনখনৰ প্ৰাক মূহুৰ্তত ৰাজনৈতিক দলবোৰৰ বাবে এখন 'ছেমি ফাইনেল' হিচাপে পৰিগণিত হৈছে ৷

বিটিচি নিৰ্বাচনঃ আগন্তুক বৰ্ষত অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অনুষ্ঠিত হোৱা এখন 'ছেমি ফাইনেল'

ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত এক স্বায়ত্ব শাসিত প্ৰশাসনিক ব্যৱস্থা ৰূপে গঠিত হোৱা স্বায়ত্ব শাসিত পৰিষদখনৰ অধীনত থকা 40 টা সমষ্টিৰ বাবে অনুষ্ঠিত হোৱা এই নিৰ্বাচনক আগন্তক বৰ্ষৰ নিৰ্বাচনৰ প্ৰাকক্ষণত বিভিন্ন ৰাজনৈতিক দলসমূহ তথা বিভিন্ন মিত্ৰ জোটবোৰৰ বাবে এক 'লিটমাছ টেষ্ট' বুলিও গণ্য কৰা হৈছে ৷

লগতে পঢ়ক :মানৱ অধিকাৰ দিৱস উপলক্ষে কি ক'লে মমতা বেনাৰ্জীয়ে ?

মুঠ 40 টা বিটিচি সমষ্টিৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনখনত 7 ডিচেম্বৰত 21 টা সমষ্টিৰ বাবে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ যায় ৷ আনহাতে, বাকী থকা 19 খন আসনৰ বাবে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হয় বৃহস্পতিবাৰে ৷ যদিহে পুনঃ ভোটগ্ৰহণৰ প্ৰয়োজন হয় তেনেহ’লে সেয়া অনুষ্ঠিত হ’ব 11 ডিচেম্বৰত ৷ আনহাতে, ভোট গণনাৰ সূচী ৰখা হৈছে 12 ডিচেম্বৰলৈ ৷ পৰিষদখনত সৰ্বমুঠ 46 জন সদস্য আছে ৷ ইয়াৰে 40 জন হৈছে নিৰ্বাচিত সদস্য ৷ আনহাতে, 6 জন হৈছে মনোনীত সদস্য ৷

বিটিচি নিৰ্বাচনঃ আগন্তুক বৰ্ষত অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অনুষ্ঠিত হোৱা এখন 'ছেমি ফাইনেল'

ষষ্ঠ অনুসূচীৰ অধীনৰ পৰিষদখনৰ বাবে অনুষ্ঠিত হৈ থকা নিৰ্বাচনখনে অপ্ৰত্যাশিত দিশলৈ মূৰ লৈছে ৷ চলিত বিটিচি নিৰ্বাচনে অসমৰ শাসনাধিষ্ঠিত দল বিজেপি আৰু সহযোগী দল বড়োলেণ্ড পিপল্‌ছ ফ্ৰন্ট (বি পি এফ) ৰ মাজত তিক্ততাপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিছে ৷ উল্লেখ্য যে, বি পি এফে 2003 চনৰ পৰাই অৰ্থাৎ বি টি চি গঠন হোৱাৰে পৰাই ইয়াৰ শাসনভাৰ দখল কৰি আছে ৷

লগতে পঢ়ক :শ্বহীদ স্মাৰকক্ষেত্ৰ নিৰ্মাণৰ শুভাৰম্ভণি কৰিলে মুখ্যমন্ত্ৰী সোণোৱালে

যদিও দিছপুৰত বিজেপি আৰু বি পি এফ এতিয়াও শাসন ব্যৱস্থাৰ অংশীদাৰ হৈ আছে ৷ কিন্তু উভয় দলেই বিটিচি নিৰ্বাচনত পৃথকে পৃথকে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷ ইয়াৰ পৰা এটাই ইংগিত পোৱা যায় যে, দুয়ো দলৰ মাজত থকা মিত্ৰতা বৰ বেছি দিনলৈ অৰ্থাৎ আগন্তুক বৰ্ষৰ বিধানসভা নিৰ্বাচনলৈকেও বৰ্তি নাথাকিব ৷ দুয়োটা দলেই চলিত নিৰ্বাচনত বিটিচিৰ শাসনভাৰ দখল কৰিবলৈ ৰাজনৈতিকভাৱে বোকা ছটিওৱা খেলত নামি পৰিছিল ৷

অসম মন্ত্ৰী পৰিষদৰ জ্যেষ্ঠ সদস্য হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে, যদিহে গেৰুৱা দল শাসনলৈ আহে তেনেহ’লে প্ৰাক্তন বিদ্ৰোহী তথা বি পি এফৰ প্ৰমূখ হাগ্ৰামা মহিলাৰীক কাৰাগাৰলৈ প্ৰেৰণ কৰিব ৷ ইয়াৰ বিপৰীতে হাগ্ৰামা মহিলাৰীয়ে লুই বাৰ্জাৰ কেলেংকাৰি, সাৰদা ছিট ফাণ্ডৰ পৰা আৰম্ভ কৰি ৰ’জভেলী কেলেংকাৰিলৈকে অসমত হৈ থকা সকলো অৰ্থনৈতিক কেলেংকাৰীতে শৰ্মাৰ নাম জড়িত থকা বুলি অভিযোগ উত্থাপন কৰে ৷

লগতে পঢ়ক :কেঁচা জলকীয়াৰে তৈয়াৰী একাপ গৰম চাহৰ সোৱাদ বিচাৰি গ্ৰাহকৰ ভিৰ

বিজেপিৰ শাসনকালত 2020 চনত স্বাক্ষৰিত হোৱা তৃতীয় বড়ো শান্তি চুক্তিৰ সফলতাত আত্মবিশ্বাসী হৈ থকা গেৰুৱা দলটিকো সম্প্ৰসাৰণবাদী মনোভাৱ লৈ থকা দেখা গৈছে ৷ ছেফ’ল’জিষ্টসকলৰ মতে গঠন হোৱাৰে পৰা বি পি এফৰ দখলত থকা বড়োলেণ্ড টেৰিট’ৰিয়েল ৰিজনত (বি টি আৰ) বিজিপিয়ে নিজকে শক্তিশালী কৰিবলৈ কৰি থকা প্ৰচেষ্টাৰ ফলতেই দুয়ো দলৰ মাজত তিক্ততা বৃদ্ধি পাইছে ৷

আমোদজনক বিষয়টো হ’ল বি পি এফে তেওঁলোকৰ অভেদ্য দূৰ্গত গেৰুৱা দলটিৰ প্ৰত্যাহ্বান কোনো কাৰণতেই গ্ৰহণ কৰিবলৈ মান্তি হোৱা নাই ৷ আনহাতে, বিজেপিয়ে বড়ো অধ্যুষিত অঞ্চলটিত নিজৰ সবল উপস্থিতি প্ৰতিপন্ন কৰিবলৈ উঠি পৰি লাগিছে যাতে বি টি আৰ অধীনত 12 খন বিধানসভা আসনত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে ৷ চলিত বিটিচি নিৰ্বাচনতে বি পি এফৰ দুজনকৈ শক্তিশালী সদস্য, ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী আৰু দলটিৰ সাধাৰণ সম্পাদক ইমানুৱেল মুছাহাৰীক গেৰুৱা দলটিয়ে নিজৰ ফলীয়া কৰিছে ৷

লগতে পঢ়ক :নতুন কৃষি আইনক দেশৰ কৃষকৰ বাবে অপমান আখ্যা ৰাহুল গান্ধীৰ

বিজেপিয়ে উপলব্ধি কৰিছে যে, তৃতীয় বড়ো শান্তি চুক্তিৰ অংশ হিচাপে গঠিত হোৱা বি টি আৰে দলটিক বড়ো সংখ্যা গৰিষ্ঠ এলেকা সমূহত কিছু পৰিমাণে সুযোগ দিব ৷ এই বিটিচি নিৰ্বাচনে বিজেপি আৰু অসম গণ পৰিষদ (অগপ) ৰ মাজত 2016 চনৰে পৰা হৈ থকা মিত্ৰতাতো প্ৰভাৱ পেলাব ৷ গেৰুৱা দলটোৰ জ্যেষ্ঠ নেতাসকলে কয় যে, এই বিটিচি নিৰ্বাচনত লাভ কৰা জয়ে আগন্তুক বিধানসভা নিৰ্বাচনত বড়ো ভোটাৰসকলক তেওঁলোকৰ ফালে ঢাল খোৱাব পাৰে ৷ গেৰুৱা দলটিয়ে এই কথা স্পষ্ট কৰি দিয়ে যে, যদিও অগপ দলৰ সৈতে মিত্ৰতা বৰ্তাই ৰখা হ’ব তথাপি আঞ্চলিক দলৰ সৈতে কৰা আসনৰ ভাগ বাটোৱাৰা নিৰ্ভৰ কৰিব দলটোৰ শক্তিৰ ওপৰত ৷

লগতে পঢ়ক :অনলাইন পৰীক্ষা : ইণ্টাৰনেট সংযোগৰ বাবে পাহাৰ বগাবলৈ বাধ্য শিক্ষাৰ্থী

আনহাতে, কংগ্ৰেছ দল আৰু অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰন্টেও (এ আই ইউ ডি এফ) বিটিচি নিৰ্বাচনক আগন্তক বিধানসভা নিৰ্বাচনৰ বাবে তেওঁলোকৰ মিত্ৰতা সবল কৰি তুলিবলৈ সদ ব্যৱহাৰ কৰিছে ৷ এ আই ইউ ডি এফ আৰু কংগ্ৰেছ উভয় দলৰে প্ৰমূখ বদৰুদ্দিন আজমল আৰু ৰিপুণ বৰাই বি টি আৰৰ নিৰ্বাচনী সভাবোৰ একেখন মঞ্চৰ পৰাই সম্বোধন কৰিছিল ৷ দুয়ো দলৰ এই কাৰ্যক অকল জনগণৰ মন জুখিবলৈ কৰা প্ৰচেষ্টা বুলিয়েই কোৱা নাই বৰঞ্চ আগন্তক বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিৰোধী দলসমূহৰ প্ৰস্তাৱিত 'গ্ৰেণ্ড এলায়েন্স'ক নস্যাৎ কৰিবলৈ কৰা প্ৰয়াস বুলিও অভিহিত কৰিছে ৷

যি সময়ত এ আই ইউ ডি এফ প্ৰমুখ বদৰুদ্দিন আজমলে প্ৰকাশ্যে কংগ্ৰেছক নিজৰ জ্যেষ্ঠ ভাতৃ বুলি অভিহিত কৰিছে ঠিক তেনে সময়তে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা বিটিচি নিৰ্বাচনৰ আহ্বায়ক দুৰ্গা দাস বড়োৱে এই কথা স্পষ্ট কৰি কয় যে, এ আই ইউ ডি এফৰে তেওঁলোকৰ মিত্ৰতা বৰ্তি থাকিব আৰু এই মিত্ৰতাই আগন্তক অসম বিধানসভা নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ৷

লগতে পঢ়ক :নগাঁও আৰক্ষীৰ জালত চুৰি সামগ্ৰীসহ চোৰৰ বৃহৎ দল

Last Updated : Dec 11, 2020, 1:15 PM IST

ABOUT THE AUTHOR

...view details