কোকৰাঝাৰ, ৬ ডিচেম্বৰ : বড়ো নেশ্যনেল ষ্টুডেন্ট ইউনিয়ন (Bodo National Student Union) চমুকৈ বনছুৰ পৰা ফালৰি কাটি আহি শেহতীয়াকৈ ইউপিপিএল দলত নতুনকৈ যোগদান কৰা ৰৌংগুৰ বড়োক মঙলবাৰে ইউপিপিএলৰ যুৱ শাখাৰ মুখপাত্ৰ হিচাপে নিযুক্তি (spokesperson for UPPL youth wing Raungur Bodo)প্ৰদান কৰা হয় ৷ কোকৰাঝাৰ চহৰস্থিত ইউপিপিএলৰ কেন্দ্ৰীয় কাৰ্যালয়ত আজি আয়োজিত এক অনুষ্টুপীয়া সভাত ৰৌংগুৰ বড়োক আনুষ্ঠানিকভাৱে দলীয় কৰ্তৃত্বৰ নিযুক্তি পত্ৰ অৰ্পণ কৰে ইউপিপিএলৰ যুৱ নেতা তথা বিটিআৰৰ কাৰ্যবাহী সদস্য ড৹ নিলুত স্বৰ্গয়াৰীয়ে ৷
ইপিনে ইউপিপিএলৰ যুৱ গোটৰ মুখপাত্ৰ হিচাপে দায়িত্ব গ্ৰহণ কৰি বিৰোধী দল বিপিএফ তথা হাগ্ৰামা মহিলাৰী আৰু বড়ো নেশ্যনেল ষ্টুডেন্ট ইউনিয়ন চমুকৈ বনছুৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৰৌংগুৰ বড়ো (UPPL press meet in Kokrajhar)৷ ইউপিপিএলৰ কেন্দ্ৰীয় কাৰ্যালয়তে আয়োজিত এক সংবাদমেল যোগে দলটোৰ যুৱ গোটৰ নৱ নিৰ্বাচিত মুখপাত্ৰ ৰৌংগুৰ বড়োই বিপিএফৰ সভাপতি তথা প্ৰাক্তন বিটিআৰ প্ৰধান হাগ্ৰামা মহিলাৰী আৰু বনছুক কঠোৰ ভাষাৰে সমালোচনা কৰে (Raungur Bodo slams Hagrama Mohilary and BNSU)৷
বিপিএফে ৰাজনৈতিক স্বাৰ্থসিদ্ধিৰ বাবে বনছুক ব্যৱহাৰ কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে ৰৌংগুৰ বড়োৱে ৷ বনছুক কটাক্ষ কৰি লগতে তেওঁ কয় যে বনছু হৈছে পুৰণা বটলৰ পুৰণা মদ ৷ বনছু গঠনৰ উদ্দেশ্যই হ’ল ৰাজনৈতিক লাভালাভ ৷ বনছুৰ পৃথক বড়োলেণ্ড আন্দোলনো নিৰ্বাচনী প্ৰচাৰৰ অংশ ৷ এওঁলোকৰ মুখ্যত কাম হ’ল বড়ো জাতিক লৈ বিভাজনৰ ৰাজনীতি কৰা ৷