কোকৰাঝাৰ, 13 অক্টোবৰ :কোকৰাঝাৰত অনুষ্ঠিত হোৱা বিজেপি অনুসূচিত জনজাতি মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহ সভাত উপস্থিত হৈ নিৰ্বাচনত বিজেপিৰ ফলাফল ভাল হ'ব বুলি মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে । কোকৰাঝাৰ চৰকাৰী উচ্চ মাধ্যমিক বহুমুখী বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা এই সভাত অংশগ্ৰহণ কৰি ৰঞ্জিত দাসে কয় যে, নতুন দলৰ জন্ম হ'লে অথবা কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাই বিজেপিৰ কোনো ক্ষতি নকৰে ।
দাসে লগতে কয় যে, আৱেগিকভাৱে আন্দোলন কৰি অৱশেষত ৰাজনৈতিক দল খোলা দলৰ প্ৰকৃত উদ্দেশ্য ৰাইজে এতিয়াহে বুজি পাইছে । তদুপৰি কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাৰ বাবে উজনি অসমত বিজেপিয়ে ভাল ফল দেখুৱাবলৈ সক্ষম হ'ব ।
বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে, কোনো ৰাজনৈতিক দলে বিজেপিক পৰাজিত কৰিব নোৱাৰে আৰু বিধানসভা নিৰ্বাচনত বিজেপিয়ে এশৰো অধিক আসন লাভ কৰিব ৷ বিটিআৰ নিৰ্বাচনতো বিজেপিয়ে ভাল ফলাফল দেখুয়াৱ বুলি ৰঞ্জিত দাসে দাবী কৰে ।