কোকৰাঝাৰ, 4 নৱেম্বৰ :এতিয়া বিটিচি দখলৰ বাবে তৎপৰ হৈ পৰিছে বিজেপি দল। বিটিচি দখলৰ লক্ষ্যৰে ৪ দিনীয়া বিটিচি ভ্ৰমণৰ বাবে উপস্থিত হৈছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস ৷ মঙলবাৰে ওদালগুৰিত উপস্থিত হৈয়ে নিশা জিলাখনৰ বিভিন্ন দল-সংগঠনৰ সৈতে বন্ধ কোঠাত বৈঠকত মিলিত হ'ল ৰঞ্জিত দাস । সংগ দিলে সাংসদ দিলীপ শইকীয়া, সাংগঠনিক সম্পাদক ফনী শৰ্মাই ।
৪ দিনীয়া ভ্ৰমণসূচীৰে বড়োভূমিত ৰঞ্জিত দাস
বিটিচি দখলৰ বাবে তৎপৰ হৈ পৰিছে বিজেপি দল । বিটিচি দখলৰ লক্ষ্যৰে ৪ দিনীয়া বড়োভূমি ভ্ৰমণৰ বাবে উপস্থিত হৈছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস ।
৪ দিনীয়া ভ্ৰমণসূচীৰে বড়োভূমিত ৰঞ্জিত দাস
বুধবাৰে পুনৰ তিনিখনকৈ সাংগঠনিক বৈঠকত অংশ ল'লে ৰঞ্জিত দাস সহ শীৰ্ষ বিজেপি নেতা কেইজনে । বৈঠকত অংশ লয় সাংসদ পল্লৱ লোচন দাস আৰু মন্ত্ৰী ভৱেশ কলিতাও । এনেদৰে ৫ জনকৈ শীৰ্ষ নেতাই জিলা বিজেপিৰ নেতৃত্ব আৰু ১০ জনকৈ পৰিষদীয় নিৰ্বাচনৰ প্ৰাৰ্থীকলৈ ৰচনা কৰিলে বিটিআৰ দখলৰ ব্লু প্ৰিন্ট । বৈঠকৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত এইবাৰ বিটিচিত ৰাইজে বিজেপিৰ নেতৃত্বতে চৰকাৰ গঠন হোৱাটো বিচাৰিছে বুলি দাবী কৰে ৰঞ্জিত দাসে ।