অসম

assam

ETV Bharat / state

এম বাথা আৰু এনএলএফবি গঠন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ ৰঞ্জিত বসুমতাৰীৰ - নেচনেল লিবাৰেচন ফ্ৰন্ট অফ বড়োলেণ্ড

এনডিএফবিৰ শীৰ্ষ নেতা এম বাথাৰ নেতৃত্বত একাংশ প্ৰাক্তন এনডিএফবিয়ে পুনৰ জংঘললৈ উভতি যোৱা আৰু এনএলএফবি নামৰ এটা নতুন সশস্ত্ৰ সংগঠনৰ জন্ম দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে ৷

এম বাথা আৰু এনএলএফবি গঠন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ ৰঞ্জিত বসুমতাৰীৰ
এম বাথা আৰু এনএলএফবি গঠন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ ৰঞ্জিত বসুমতাৰীৰ

By

Published : Mar 17, 2021, 7:44 AM IST

কোকৰাঝাৰ,17 মাৰ্চ: এনডিএফবিৰ শীৰ্ষ নেতা এম বাথাৰ নেতৃত্বত একাংশ প্ৰাক্তন এনডিএফবিয়ে পুনৰ জংঘললৈ উভতি যোৱা আৰু এনএলএফবি নামৰ এটা নতুন সশস্ত্ৰ সংগঠনৰ জন্ম দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে ৷ মঙলবাৰে সংবাদমাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰঞ্জিত বসুমতাৰীয়ে কয়, এম বাথা পুনৰ জংঘললৈ যোৱাটো এক লক্ষ্যহীন আৰু উদ্দেশ্য বিহীন যাত্ৰা ৷ এগৰাকী আদৰ্শ আৰু লক্ষ্য বিহীন নেতাৰ নেতৃত্বত নেচনেল লিবাৰেচন ফ্ৰন্ট অফ বড়োলেণ্ড চমুকৈ এনএলএফবি গঠন কৰাটো বড়ো জনগোষ্ঠীটোৰ বাবে অশুভ লক্ষণ ৷

এম বাথা আৰু এনএলএফবি গঠন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ ৰঞ্জিত বসুমতাৰীৰ

আনহাতে, বড়ো জনগোষ্ঠীটো অতি শান্তিপ্ৰিয় জনগোষ্ঠী বুলি উল্লেখ কৰি বিটিআৰৰ কাৰ্যবাহী সদস্য গৰাকীয়ে কয়, ব্ৰহ্মপুত্ৰ উপত্যকাত ৭০০০ বছৰ ধৰি বসবাস কৰি অহা বড়োসকলৰ ইতিহাসত শেহতীয়া ৩৪ বছৰক বাদ দি কোনো আন্দোলন বা প্ৰতিবাদ হোৱা নাছিল । বড়ো জনগোষ্ঠী এদিন অস্তিত্বৰ সংকটত ভুগিব বুলি আশংকা কৰি উক্ত আন্দোলন কৰিবলৈ বাধ্য হৈছিল ৷ ভাৰত আৰু ৰাজ্য চৰকাৰৰ একান্ত প্ৰচেষ্টাত বিগত ২০২০ চনৰ ২৭ জানুৱাৰীত শান্তিৰ চুক্তি স্বাক্ষৰ কৰাই নহয়, বড়োসকলক অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক ভাৱে উন্নত হোৱাত যি সহায় আগবঢ়াইছে তাক বিপিএফে সহ্য কৰিব পৰা নাই ।

ইফালে, বিটিআৰত অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰাৰ আঁৰত বিপিএফ থকা বুলি দাবী কৰি কাৰ্যবাহী সদস্য গৰাকীয়ে বিপিএফৰ নেতা তথা মন্ত্ৰী চন্দন ব্ৰহ্মক বিটিআৰৰ জনগনৰ মাজত মতানৈক্য সৃষ্টি কৰাৰ ক্ষেত্ৰত মাষ্টাৰ অফ কী অৰ্থাৎ ছাবি-কাঠি বুলি কটাক্ষ কৰে ৷ তদুপৰি বড়োসকল ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু শৈক্ষিক ভাৱে পিছপৰি থকাৰ ক্ষেত্ৰতো চন্দন ব্ৰহ্মৰ ব্যৰ্থতা বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক:আগন্তুক নিৰ্বাচনৰ বাবে সাজু অসম আৰক্ষী

ABOUT THE AUTHOR

...view details