ৰঙাপৰা, ২২ ডিচেম্বৰ :বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে কৃষকৰ উৎপাদিত ধান উচিত মূল্যত ক্ৰয় কৰাত ধান খেতিৰে জীৱন নিৰ্বাহ কৰি অহা কৃষক ৰাইজৰ মুখত এতিয়য়া হাঁহি বিৰিঙি উঠিছে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্বৰ শৰ্মাৰ নিৰ্দেশত অসম খাদ্য আৰু অসামৰিক যোগান নিগমে বিগত বছৰৰ দৰে এই বছৰো ৰাজ্যত কৃষকৰ উৎপাদিত ধান উচিত মূল্যত ক্ৰয় কৰিছে ।
উৎপাদিত ধান অসম চৰকাৰৰে উচিত মূল্যত ক্ৰয় কৰাত আৰু কৃষক ৰাইজে উচিত মূল্য লাভ কৰাত কৃষকসকল লাভাম্বিত হোৱা বুলি জানিব পৰা গৈছে । সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি, বৰছলা, মিছামাৰী, বিন্দুকুৰি আৰু জামুগুৰিত যোৱা ১ ডিচেম্বৰৰ পৰা খাদ্য অসামৰিক যোগান নিগম পৰিসীমিতৰ অধীনত ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰি কৃষকৰ পৰা ধান ক্ৰয় কৰিছে ৷
প্ৰতি কুইন্টল ধানৰ বিনিময়ত ২১৮৩ টকাকৈ কৃষকক প্ৰদান কৰিছে । জিলাখনৰ কৃষকসকলে কৃষি বিভাগৰ পৰা যাৱতীয় প্ৰমাণ পত্ৰ লৈ উৎপাদিত ধান নিকটৱৰ্তী ক্ৰয় কেন্দ্ৰসমূহত বিক্ৰী কৰিব পাৰিব । কৃষকসকলে বেংক একাউণ্টৰ জৰিয়তে ধানৰ মূল্য লাভ কৰিব ।
তথ্য অনুসৰি, বৰ্তমানলৈ মিছামাৰী ধান ক্ৰয় কেন্দ্ৰই ৭৫৫ কুইণ্টল ২ কেজি, বৰছলা ধান ক্ৰয় কেন্দ্ৰই ২৮৫৮ কুইণ্টল ৪০ কেজি, ঢেকিয়াজুলি ধান ক্ৰয় কেন্দ্ৰই ৩৮৪৪ কুইণ্টল ৪০ কেজি, বিন্দুকুৰি ধান ক্ৰয় কেন্দ্ৰই ১ হাজাৰ কুইণ্টল আৰু জামুগুৰি ধান ক্ৰয় কেন্দ্ৰই ১২২৯ কুইণ্টল ২০ কেজি ধান কৃষকৰ পৰা ক্ৰয় কৰিছে ।