কোকৰাঝাৰ,24 ফেব্ৰুৱাৰীঃ কোকৰাঝাৰ জিলাৰ নতুন আৰক্ষী অধীক্ষক হিচাপে যোগদান আইপিএচ বিষয়া ৰাকেশ ৰৌশনৰ ৷ আইপিএচ বিষয়া ৰাকেশ ৰৌশনে সোমবাৰে কাৰ্যালয়ত যোগদান কৰিয়েই কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত কোকৰাঝাৰ প্ৰেছ ক্লাৱৰ সৈতে বৈঠকত মিলিত হয় । কোকৰাঝাৰ প্ৰেছ ক্লাৱে আৰক্ষী অধীক্ষকগৰাকীক ফুলাম গামোচা আৰু আৰনাইৰে আদৰণি জনায় ।
কোকৰাঝাৰ জিলাৰ নতুন আৰক্ষী অধীক্ষক হিচাপে যোগদান ৰাকেশ ৰৌশনৰ - ৰাকেশ ৰৌশন
কোকৰাঝাৰ জিলাৰ নতুন আৰক্ষী অধীক্ষক হিচাপে যোগদান ৰাকেশ ৰৌশনৰ ৷ আইপিএচ বিষয়া ৰাকেশ ৰৌশনে সোমবাৰে কাৰ্যালয়ত যোগদান কৰিয়েই কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত কোকৰাঝাৰ প্ৰেছ ক্লাৱৰ সৈতে বৈঠকত মিলিত হয় ।
কোকৰাঝাৰ জিলাৰ নতুন আৰক্ষী অধীক্ষক হিচাপে যোগদান ৰাকেশ ৰৌশনৰ
সংবাদমাধ্যমৰ আগত আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনে জিলাখনৰ পৰিৱেশ সুস্থিৰ কৰি ৰখাৰ বাবে সৰ্বতোপ্ৰকাৰে প্ৰচেষ্টা লোৱা হ’ব বুলি মন্তব্য কৰাৰ লগতে জনসাধাৰণৰ অভিযোগসমূহ গুৰুত্বসহকাৰে লোৱা হ’ব বুলিও মন্তব্য কৰে । ইয়াৰ উপৰিও আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচন শান্তিপূৰ্ণ অৱস্থাৰ মাজেৰে অনুষ্ঠিত হ’ব বুলিও আশ্বাস প্ৰদান কৰে নৱ-নিযুক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে ৷
লগতে পঢ়ক-চাপৰত আদিবাসী গণ বিক্ষোভ কাৰ্যসূচী